দৈনিক কি টুথপেষ্ট ব্যৱহাৰ কৰিলে আপোনাৰ দাঁত ভাল হৈ থাকিব। দাঁত পোকে খালে ডাক্তৰৰ চিকিৎস্যা নে গাঁৱলীয়া দৰৱ ভাল?
মানুহৰ দাঁত দুপাৰিক লৈ বহুতো সমস্যাত দিন কটাবলগীয়া হয়। কেতিয়াবা যদি পোকে খোৱা, কেতিয়াবা আকৌ প্ৰচণ্ড দাঁতৰ বিষৰ সমস্যাত ভুগি থাকে বহুজনে। কোনোৱে এই সমস্যাসমূৰ পৰা পৰিত্ৰাণ পাবলৈ ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰে, কোনোৱে আকৌ দাঁত বিষ বা পোকে খোৱাৰ দৰৱ দিব জনা ব্যক্তিৰ পৰা দৰৱ লয়, বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰা পৰিলক্ষিত হৈ আহিছে।
বৰ্তমান বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ দিনত চিকিৎসকৰ সলনি অন্য দৰৱ দিব জনা ব্যক্তিৰ পৰা চিকিৎস্যা গ্ৰহণ কৰাটো একেবাৰে সমীচিন নহয়।
১/ দাঁতত পোকে খোৱা কথাটো সঁচা নহয়। দাঁতৰ ভিতৰত কোনোধৰণৰ পোক নাথাকে। আচলতে ই বেক্টেৰীয়াহে। সেয়ে ঘৰুৱা চিকিৎস্যা গ্ৰহণ কৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
২/ আপুনি দৈনিক পেষ্ট থকা টুথপেষ্ট হে ব্যৱহাৰ কৰিব লাগে।
৩/ পাউদাৰযুক্ত টুথপেষ্ট ব্যৱহাৰ কৰাটো দাঁতৰ আলুৰ বাবে ভাল নহয় আৰু দাঁত ক্ষয় যোৱাৰ সম্ভাৱনা থাকে। কিয়নো পাউডাৰ টুথপেষ্টত গুৰি গুৰি বালিসদৃশ দ্ৰৱ্য থাকে। ইয়াৰে দাঁতত ঘহিলে এটা সময়ত আপোনাৰ অপকাৰ হ’ব পাৰে।
৪/ দীৰ্ঘ দিনৰ বাবে আয়ুৰ্বেদিক টুথপেষ্ট ব্যৱহাৰ কৰিব নালাগে। গৱেষণা অনুসৰি আয়ুৰ্বেদিক টুথপেষ্টত ধপাতৰ পৰিমাণ পোৱা গৈছে। যি আপোনাৰ মুখৰ ভিতৰৰ ছালৰ বাবে অপকাৰী।
৫/ব্ৰাছ কৰা পাছত পনীয়া মাওথ ৱাছ দ্ৰব্য ব্যৱহাৰ কৰিব পাৰিলে ভাল। মুখৰ দুৰ্গন্ধ, বেক্টেৰিয়াৰ আক্ৰমণ ৰোধ কৰে
0 Comments