বৰক্ষেত্ৰীৰ ৰামপুৰত ‘পোন্ধৰটা বনৰীয়া পক্ষীক মুক্তি' পক্ষী চিকাৰীৰ আত্মসমৰ্পন ৷

বৰক্ষেত্ৰীৰ ৰামপুৰত ‘পোন্ধৰটা বনৰীয়া পক্ষীক মুক্তি' পক্ষী চিকাৰীৰ আত্মসমৰ্পন ৷

'Liberation of fifteen wild birds' bird hunter surrenders at Rampur in Barakshetri.


নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত ৰামপুৰস্থিত পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় সমিতি লিমিটিড প্ৰাংগণত আজি ‘বন্দী বনৰীয়া পক্ষীৰ মুক্তি' অনুষ্ঠান এটি অনুষ্ঠিত হয় ৷ উত্তৰ পূব ভাৰতৰ পৰিৱেশ সংৰক্ষনকাৰী গোষ্ঠী “নেচাৰ্চ বেকন" বৰক্ষেত্ৰী আঞ্চলিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হয় ‘বন্দী বনৰীয়া পক্ষীৰ মুক্তি' অনুষ্ঠান ৷ 

বৰক্ষেত্ৰী আঞ্চলিক গোষ্ঠীৰ সমন্বয়ৰক্ষী কল্প তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত অঞ্চলটোৰ দুই কুৰি প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে ৷ মহৎ উদ্দেশ্যৰে অনুষ্ঠিত সভাৰ অন্তত পোন্ধৰটাকৈ বিভিন্ন প্ৰজাতিৰ বন্দী বনৰীয়া পক্ষীক মুক্তি কৰি দিয়া হয় ৷ 


উল্লেখ্য যে অঞ্চলটোৰ পক্ষী চিকাৰী সকলৰ কৰ্মপন্থা সলনি কৰাৰ উদ্দেশ্যেৰে পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় সমিতি লিমিটিড প্ৰাংগণত “নেচাৰ্চ বেকন" বৰক্ষেত্ৰী আঞ্চলিক গোষ্ঠীয়ে অনুষ্ঠিত কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় চিন্তাশীল লেখক, সাহিত্যিক পৰীক্ষিত বৈশ্যই ৷ 

ভাষণ প্ৰসংগত বৈশ্যই উদ্যোগক্তা আৰু চিকাৰী সকলৰ চিন্তাচৰ্চাক ধন্যবাদ জনাই কয় যে এইদৰেই যদি আমি পৰিৱেশ বিনষ্ট কৰা ব্যক্তি সকলক শিকায়-বুজাই পৰিৱেশ সংৰক্ষণৰ প্ৰয়াস চলাব পাৰোঁ তেন্তে আমি স্পন্দনপূৰ্ণ সমাজ এখন লাভ কৰিম ৷ 


সভাত পশ্চিম বৰক্ষেত্ৰী অঞ্চলৰ ৮ জনকৈ পক্ষী চিকাৰী উপস্থিত থাকি ভৱিষ্যতে তেওঁলোকে পক্ষী চিকাৰ নকৰি অন্য পন্থাৰে পৰিয়াল চলোৱাৰ কথা সদৰী কৰে ৷ সভাত অঞ্চলটোৰ বিশিষ্ট সমাজ সচেতক তমিজউদ্দিন আহমেদে উপস্থিত থাকি ভাষণ প্ৰসংগত অঞ্চলটোৰ আন আন পক্ষী চিকাৰী সকলকো পক্ষী চিকাৰৰ পন্থা সলনি কৰিবলৈ আহ্বান জনায় ৷ 

পক্ষী চিকাৰ পন্থা সলনি কৰাত যদিহে কোনো লোকৰ পৰিয়াল চলোৱাত অসুবিধাৰ সন্মুখীন হয় তেন্তে তেওঁ সেইগৰাকী লোকক ৫০ টা হাঁহ আৰু ৫০ টা মুৰ্গী কিনি দিয়াৰ আশ্বাস প্ৰদান কৰে আৰু সেই মুৰ্গী,হাঁহ প্ৰতিপাল কৰি তেওঁলোকে পৰিয়াল চলোৱাত সহায়ক হ'ব বুলিও কয় ৷ 

অনুষ্ঠানত পক্ষী চিকাৰী সকলক উদ্যোগতা সকলে গামোচা পিন্ধাই নতুন কৰ্ম জীৱনৰ পাতনি মেলিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত পক্ষী চিকাৰী সকলে উদ্যোক্তা সকলক অৰ্পণ কৰা দাউক, ক'ৰা, ধেকৰ, বনৰীয়া হাঁহকে ধৰি পোন্ধৰটা বন্দী বনৰীয়া পক্ষীক সভাৰ অন্তত মুকলি কৰি দিয়া হয় ৷ 

তদুপৰি পক্ষী চিকাৰত ব্যৱহাৰিত সা-সজুলি সমূহো ৰাজহুৱাভাৱে দাহন কৰে ৷ অনুষ্ঠানত পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত যুতীয়া সঞ্চালক বশিষ্ঠ দাস, সমাজকৰ্মী মহোদৰ বৰ্মন,সমাজহিতৈষী পিয়াৰ আলী , সমাজ সেৱাক ভূৱনেশ্বৰ তালুকদাৰ, পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় সমিতি লিমিটিডৰ সম্পাদক ছহিদ আলীকে প্ৰমুখ্য কৰি কে'বাজনো প্ৰকৃতিপ্ৰেমী লোক উপস্থিত থাকি ভাষণ প্ৰদান কৰি অনুষ্ঠানৰ শলাগ লয় ৷ উল্লেখ্য যে  “নেচাৰ্চ বেকন" বৰক্ষেত্ৰী আঞ্চলিক গোষ্ঠীয়ে ২০০৭ চনৰ পৰা পৰিৱেশ আৰু প্ৰকৃতি সংৰক্ষণৰ হকে কাম কৰি আহিছে ৷


 মুকালমুৱাৰ পৰা সুৰজিৎ পাঠক INEWS NORTHEAST

Post a Comment

0 Comments