প্ৰতিকূল বতৰৰ বাবে কাইলৈ বন্ধ থাকিব স্কুল
প্ৰতিকূল বতৰৰ বাবে মণিপুৰত দুদিনৰ বাবে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছিল। ৬ মে’ অৰ্থাৎ আজি বন্ধ আছিল সকলো অনুষ্ঠান আৰু ৭ মে’ত সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। এই কথা ছচিয়েল মিডিয়াযোগে জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। সকলোকে ঘৰত থাকি সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
টুইটাৰযোগে এন বীৰেন সিঙে দুদিনৰ বাবে শিক্ষানুষ্ঠানৰ বন্ধৰ কথা সদৰি কৰে। প্ৰতিকুল বতৰৰ বােব উদ্ভৱ হোৱা বিপদৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা আৰু দুৰ্গতসকলক সহায়ৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ কথাও জনাইছে এন বীৰেন সিঙে।
0 Comments