বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত IPLৰ হাইভল্টেজ মেচ। মেচৰ পূৰ্বে গুৱাহাটীত বাহন চলাচলত কিছু-কিছু বাধা আৰোপ..

বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত IPLৰ হাইভল্টেজ মেচ। 

IPL's high voltage match at Barsapara in Guwahati on Wednesday.

সমুখ-সমৰত নামিব IPLৰ প্ৰথমবাৰৰ চেম্পিয়ন ৰাজস্থান ৰয়েল আৰু পঞ্জাৱ কিংছ। মেচৰ পূৰ্বে গুৱাহাটীত বাহন চলাচলত কিছু-কিছু বাধা আৰোপ মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ।

১৫ মে’ত আৰু ১৯ মে’ত গুৱাহাটীত বাহন চলাচলত কেতবোৰ নিষেধাজ্ঞা জাৰি মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ। কাইলৈৰ ৩ বজাৰ পৰা গুৱাহাটীৰ মাজেৰে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ, জি এছ ৰোড, BK কাকতি ৰোড, AK AZAD ৰোড, AK Dev ৰোড, কুলা বসুমতাৰী ৰোড, FA ৰোড, ঢপলীয়া ৰোড, বিষ্ণুপুৰ ৰোড, MG ৰোড, AT ৰোড, RMC ৰোড, GNB ৰোড, কাহিলীপাৰা ৰোডত গধুৰ মালবাহী বাহন চলাচলত বাধা আৰোপ। জি এছ ৰোড, BK কাকতি ৰোড, AK AZAD ৰোড, AK Dev ৰোড, কুলা বসুমতাৰী ৰোড, FA ৰোড, ঢপলীয়া ৰোড, বিষ্ণুপুৰ ৰোড, MG ৰোড, AT ৰোড, RMC ৰোড, GNB ৰোড, কাহিলীপাৰা ৰোডত ঠেলা, ৩ চকীয়া মালবাহী বাহন চলাচলত বাধা আৰোপ। ১৫ আৰু ১৯ মে’ত দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ এই বাধা আৰোপ কৰিছে যান-বাহন আৰক্ষীয়ে।

Post a Comment

0 Comments