শাস্ত্ৰৰ মতে কোন শিৱলিংগত পূজা কৰিলে কি ফল পোৱা যায়।
শিৱলিংগক মহাদেৱৰ প্ৰতীক ৰূপেৰে পূজা কৰে হিন্দুধৰ্মাৱলম্বী লোকে। দেশৰ নানান স্থানত শিৱলিংগক লৈয়েই তীৰ্থস্থান গঢ়ি উঠিছে। ইয়াৰ মাজতে কোনো কোনো শিৱলিংগ স্বয়ম্ভূ, অৰ্থাৎ এই সকলো শিৱলিংগই নিজে নিজেই প্ৰকাশিত হৈ উঠিছে আৰু শেষত তাত মন্দিৰ প্ৰতিষ্ঠা হৈছে। কোনো কোনো শিৱলিংগ আকৌ ৰজা, সন্ন্যাসী, ভক্তসকলে প্ৰতিষ্ঠা কৰিছে। স্বয়ম্ভূ শিৱলিংগক কোৱা হয় জ্যোতিৰ্লিংগ। সমগ্ৰ দেশত ১২টা জোতিৰ্লিংগ আছে।
বিভিন্ন শিৱলিংগক মহাদেৱৰ প্ৰতীক ৰূপে পূজা কৰে হিন্দুধৰ্মাৱলম্বীসকলে। শিৱলিংগ নানান সামগ্ৰীৰে নিৰ্মিত হয়। বিভিন্ন ধৰণৰ শিৱলিংগৰ আৰাধনা কৰিলে বিভিন্ন ফল লাভ কৰা সম্ভৱ। জানি থওক কোন শিৱলিংগৰ পুজা কৰিলে কি ফল পাব?
দেৱলিংগ
দক্ষিণ ভাৰতৰ ৰামেশ্বৰম শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল স্বয়ং শ্ৰীৰামচন্দ্ৰ। বালি দি এই শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল। সেয়ে এই শিৱলিংগক দেৱলিংগ বুলি কোৱা হয়। ইয়াৰোপৰি ভক্তসকলে বিভিন্ন সময়ত বিভিন্ন সামগ্ৰী দি শিৱলিংগ নিৰ্মাণ কৰে।
ফুলৰ শিৱলিংগ
ফুলৰ শিৱলিংগ প্ৰস্তুত কৰি তাৰ আৰাধনা কৰিলে নিজৰ মাটি কিনা, ঘৰ নিৰ্মাণ কৰাৰ সপোন পূৰ্ণ হয়। মহাদেৱৰ আশীৰ্বাদত নিজৰ মাটি ঘৰৰ সপোন পূৰণ কৰিবলৈ ভক্তই ফুলৰ শিৱলিংগক আৰাধনা কৰে।
ৰূপৰ শিৱলিংগ
শাস্ত্ৰ অনুসৰি ৰূপ দি তৈয়াৰ কৰা শিৱলিংগৰ পূজা কৰিলে প্ৰয়াত পূৰ্বপুৰুষৰ মুক্তিলাভ সম্ভৱ হয়। প্ৰয়াত পিতৃপুৰুষে কোনো দোষৰ পৰা মুক্তি লাভ নকৰিলে ৰূপৰ শিৱলিংগক আৰাধনা কৰা হয়।
স্ফটিকৰ শিৱলিংগ
প্ৰচলিত বিশ্বাস অনুসৰি স্ফটিকৰ শিৱলিংগৰ পূজা কৰিলে মনৰ সকলো ইচ্ছা পূৰণ হয়। যদি আপোনাৰ মনত এনে কোনো ইচ্ছা থাকে, যি ইচ্ছা আপুনি পূৰণ কৰাৰ চেষ্টা কৰিও সফল হ’ব পৰা নাই তেতিয়া স্ফটিকৰ শিৱলিংগৰ পূজা কৰিলে উপকাৰ লাভ কৰিব।
ব্ৰঞ্জৰ শিৱলিংগ
ব্ৰঞ্জৰ শিৱলিংগৰ অভিষেক কৰিলে মহাদেৱৰ আশীৰ্বাদ সন্মান আৰু খ্যাতি লাভ কৰা সম্ভৱ হয়। এই ব্যক্তিৰ সমাজত মান সন্মান আৰু প্ৰতিপত্তি সদায়ে বাঢ়ি থাকে।
তামৰ শিৱলিংগ
আপোনাৰ মনত যদি কিবা ভয় থাকে আৰু চেষ্টা কৰিও সেই ভয়ৰ পৰা মুক্তি লাভ কৰা নাই তেন্তে তামৰ শিৱলিংগত অভিষেক কৰক। শাস্ত্ৰ অনুসৰি তামৰ শিৱলিংগৰ পূজা কৰিলে মনৰ সকলো ভয় দূৰ হয় আৰু জীৱনলৈ সুখ-শান্তি আহে।
পাৰদ শিৱলিংগ
পাৰদত তৈয়াৰী শিৱলিংগ অত্যন্ত শুভ বুলি ধৰা হয়। প্ৰতিদিনেই এই শিৱলিংগ দৰ্শন কৰিলে শুভ ফল লাভ কৰা সম্ভৱ।
0 Comments