প্ৰখৰ ৰ'দত কেনেকৈ ছাদৰ টেংকিৰ পানী ঠাণ্ডা কৰি ৰাখিব ?

 প্ৰখৰ ৰ'দত কেনেকৈ ছাদৰ টেংকিৰ পানী ঠাণ্ডা কৰি ৰাখিব ?

how to cool tanks water during summer

বাহিৰত ৰ’দত জ্বলি-পুৰি অহাৰ পিছত ঘৰলৈ আহি পানীৰ টেপটো খোলাৰ লগে লগে গৰম পানী ওলায়। গৰমৰ দিনৰ এই অস্বস্তিকৰ সমস্যাৰ পৰা মুক্তি পোৱাৰ উপায়ো অতি সহজ। এই কেইটামান উপায় অৱলম্বন কৰিলে ৰ’দ যিমানেই প্ৰখৰ নহওক কিয়, আপুনি আপোনাৰ ঘৰৰ টেপৰ পৰা ঠাণ্ডা পানী পাব।

গৰমৰ দিনত পানীৰ টেপ খুলিলেই গৰম পানী ওলাই আহে। বেছিভাগ মানুহেই এই পৰিচিত সমস্যাৰ সন্মুখীন হৈছে। প্ৰায় প্ৰতিটো ঘৰৰ ছাঁদত পানীৰ টেংকি থাকে। গৰমৰ দিনত সূৰ্য্যৰ প্ৰখৰ তাপ পৰি পানী যেন একেবাৰে জুইত পৰিণত হয়। গা ধুবলৈ যোৱাৰ লগে লগে আমাৰ অস্বস্তি আৰম্ভ হয়। কিন্তু এই অতি চিনাকি সমস্যাটোৰ এটা অতি সহজ সমাধানো আছে।

  কেইটামান সহজ উপায় গ্ৰহণ কৰিলে ৰ’দ যিমানেই প্ৰখৰ নহওক কিয়, আপুনি আপোনাৰ ঘৰৰ টেপৰ পৰা ঠাণ্ডা পানী পাব।

টেংকিটো ঢাকোন দি ৰাখক সূৰ্যৰ প্ৰখৰ তাপে টেংকিৰ পানী গৰম কৰে। গতিকে নিশ্চিত হওক যে সূৰ্যৰ পোহৰ যাতে পোনে পোনে গৈ টেংকিটোত নপৰে।এখন ডাঠ কাপোৰ বা টেংকিৰ কভাৰ ক্ৰয় কৰি টেংকিটো ঢাকি ৰাখিব লাগে। ইয়াৰ ফলত সূৰ্যৰ প্ৰখৰ তাপ পোনপটীয়াকৈ অহা বন্ধ হৈ পৰিব আৰু পানী বহু সময়লৈকে ঠাণ্ডা হৈ থাকিব।

টেংকিৰ বাহিৰত চূণ বা মাটিৰ প্ৰলেপ লগাব লাগে। টেংকিৰ বাহিৰত এই আৱৰণে প্ৰত্যক্ষ সূৰ্যৰ পোহৰ টেংকিত নলগাকৈ ৰাখে। ফলত পানী শীতল হৈ থাকে।আমি জানো যে, মাটিৰ পাত্ৰত পানী ঠাণ্ডা হৈ থাকে। সেয়েহে, যদি পানীৰ টেংকিৰ বাহিৰত মাটিৰে এক প্ৰলেপ দিয়া হয় তেন্তে গৰমৰ দিনতো টেংকিৰ ভিতৰত পানী বহু সময়লৈ শীতল হৈ থাকিব।টেংকিটোত বগা ৰং লগালে টেংকিত প্ৰত্যক্ষ সূৰ্যৰ পোহৰ সোমাব নোৱাৰে। ইয়াৰ উপৰিও বগা ৰঙৰ বাবে পানীৰ তাপ বহু কম হয়।

Post a Comment

0 Comments