নহৰুৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হব আপুনি...

নহৰুৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হব আপুনি

garlic

নহৰুত আছে শৰীৰৰ বাবে উপকাৰী ভিটামিন বি১, ভিটামিন বি৩, ভিটামিন বি২, ভিটামিন বি৫, ভিটামিন বি৬, ফলেট, আৰু ছেলেনিয়াম

কেৱল আঞ্জাৰ সোৱাদ বৃদ্ধিয়ে নহয়, নহৰুৰ আছে নানা ঔষধী গুণ। নহৰুত আছে এলিছিন নামৰ এণ্টিঅক্সিডেণ্ট, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নহৰুত আছে ছেলেনিয়াম , যিয়ে কেঞ্চাৰ কোষ ধ্বংস কৰি কেঞ্চাৰ প্ৰতিৰোধত সহায় কৰে। নহৰুৱে তেজ পৰিশোধন কৰি তেজ সঞ্চালন বৃদ্ধি কৰে, হৃদৰোগ আৰু উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰে, ওজন কমায়।

। বজাৰত চাৰিধৰণৰ নহৰু পোৱা যায়! বগা, গুলপীয়া, ক’লা আৰু বেঙুনীয়া। ইয়াৰ ভিতৰত বগা নহৰু সৰ্বাধিক ব্যৱহাৰ হয়। দোকান-বজাৰত এই নহৰু বেছি পোৱা যায়। 

,বেঙুনীয়া নহৰু - এই নহৰুৰ বাহিৰৰ বাকলি বেঙুনীয়া, কিন্তু ভিতৰৰ ফোটা বগা। এই ফোটাবোৰ বগা নহৰুতকৈ ডাঙৰ হয় এই বেছি ৰসাল।

ক’ল নহৰু - ক’লা নহৰু ছুপাৰফুড। বজাৰৰ পৰা কিনা সাধাৰণ নহৰুকে পোন্ধৰ দিনমান ৰাখি ফাৰ্মেণ্টেড কৰি ল’লে ক’লা নহৰু হৈ পৰে। ইয়াৰ পুষ্টিগুণ সাধাৰণ নহৰুতকৈ দুগুণ। ভিটামিন বি, ফলেট, মেগনেছিয়াম, ফছফৰাছ, ছডিয়াম, জিংক, আইৰন, মেংগানিজ, কেলছিয়ামৰ দৰে নানা খনিজ আছে এই নহৰুত।

গুলপীয়া নহৰু - এই নহৰুৰ সোৱাদ তুলনামূলকভাৱে মিঠা, কেঁচা বা ৰান্ধি খাব পাৰি। এই নহৰুত ভিটামিন এ, বি, চি ভৰপূৰ পৰিমাণে থাকে মেগনেচিয়াম, কেলচিয়াম, পটাচিয়াম, আইৰন, জিংকৰ দৰে নানা খনিজ পোৱা যায়

সকলো ৰঙৰ নহৰুৱেই ওজন কমোৱাত কাৰ্যকৰী। কিন্তু বেঙুনীয়া নহৰু আটাইতকৈ ৰসাল হয়। ক’লা নহৰু গুণৰ ভাণ্ডাৰ। ক’লা নহৰুৰত যি পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে, সি অক্সিডেটিভ ষ্ট্ৰেচ কমোৱাত সহায় কৰে। নহৰুত আছে এলিচিন নামৰ এক যৌগ, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে। ক’লা নহৰুত এণ্ডি ইনফ্লেমেটৰী বহু উপাদান আছে যিয়ে সংক্ৰমণ ৰোধত সহায় কৰে। বিভিন্ন গৱেষণাত দেখা গৈছে যে তেজত বেয়া কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ কাৰ্যকৰী ক’লা নহৰু। ফলত হাৰ্ট ভালে থাকে।

Post a Comment

0 Comments