কিয় পালন কৰা হয় হনুমান জয়ন্তী ? জানক বছৰত দুবাৰকৈ হনুমান জয়ন্তী হোৱাৰ কাৰণ আৰু ইতিহাস
হনুমান জয়ন্তী অৰ্থাৎ হনুমান জন্মোৎসৱৰ দিনা সংকট মোচন হনুমানক পূজা কৰা হয়। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি এই উৎসৱটো বজৰংগবলীৰ জন্মদিন পালনৰ বাবে পালন কৰা হয়।
হনুমান জয়ন্তীৰ দিনা মন্দিৰত দেখা পোৱা যায় ভক্তৰ ভিৰ।
হনুমানৰ আছে বহু নাম
হনুমানক মহাবীৰ, বজৰংগবলী, অঞ্জনীপুত্ৰ, মাৰুতি, পৱনপুত্ৰ আৰু কেছাৰীনন্দন নামেৰেও জনা যায়। পৌৰাণিক কাহিনী অনুসৰি পৱনপুত্ৰ হনুমান হৈছে ভগৱান শিৱৰ একাদশ ৰুদ্ৰ অৱতাৰ। কোৱা হয় যে যিসকলৰ ওপৰত হনুমানৰ আশীৰ্বাদৰ বৰষুণ হয়, তেওঁলোকে জীৱনত কেতিয়াও কোনো বিপদৰ সন্মুখীন হ’ব নালাগে।
বছৰত দুবাৰকৈ হনুমান জয়ন্তী পালন কৰা হয়। বাল্মিকী ৰামায়ণৰ মতে কাতি মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তাৰিখত হনুমান জীৰ জন্ম হৈছিল, তেন্তে চৈত্ৰ শুক্ল পক্ষৰ পূৰ্ণিমাত কিয় হনুমান জয়ন্তী পালন কৰা হয়? ইয়াৰ লগত জড়িত এটা পৌৰাণিক কাহিনী আছে। এই কাহিনী অনুযায়ী শৈশৱত এবাৰ হনুমানে যেতিয়া ভোক অনুভৱ কৰিছিল, তেতিয়া তেওঁ আকাশত সূৰ্য্যটো দেখিছিল, যিটো তেওঁ ফল বুলি ভাবিছিল আৰু সেইটো খাবলৈ গৈছিল। তেওঁ সূৰ্য্যক গিলিবলৈ চেষ্টা কৰাৰ লগে লগে পৃথিৱীত আন্ধাৰ পৰিবলৈ ধৰিলে। ইন্দ্ৰদেৱে এই কথা গম পাই হনুমানক বাধা দিবলৈ বজ্ৰপাতেৰে আক্ৰমণ কৰিলে, যাৰ বাবে হনুমান অজ্ঞান হৈ মাটিত পৰিল।
তেতিয়া বজৰংগবলীৰ পিতৃ পৱনদেৱে এই কথা গম পালে, খঙত তেওঁ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ বায়ু বন্ধ কৰি দিলে। যাৰ বাবে পৃথিৱীত সমস্যাৰ সৃষ্টি হৈছিল। তাৰ পাছত ব্ৰহ্মই বায়ু দেৱতাক শান্ত কৰি হনুমানক প্ৰাণ দিলে। বজৰংগবলীয়ে যিদিনা জীৱনৰ উপহাৰ পাইছিল সেইদিনা চৈত্ৰা পূৰ্ণিমাৰ দিন বুলি বিশ্বাস কৰা হয়। এই কাৰণেই প্ৰতি বছৰে চৈত্ৰা শুক্ল পক্ষৰ পূৰ্ণিমাৰ দিনটোও হনুমান জন্মোৎসৱ অৰ্থাৎ হনুমান জয়ন্তী হিচাপে পালন কৰা হয়।
হনুমান জয়ন্তীৰ গুৰুত্ব কি ?
কোৱা হয় যে হনুমান জয়ন্তীৰ দিনা যি ভক্তই ব্ৰত পালন কৰি নিয়ম অনুসৰি বজৰংবলী পূজা কৰে, তেওঁৰ সকলো দুখ নাইকিয়া হৈ যায়। এই দিনটোত ১১ বাৰ হনুমান চলিছা পাঠ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। হনুমান জয়ন্তীৰ দিনা হনুমান মন্দিৰত বিশেষ পূজাৰ আয়োজন কৰা হয়। এই দিনটোত ভক্তসকলে হনুমানক সেন্দুৰ আগবঢ়াই সুন্দৰ কাণ্ড পাঠ কৰে।
0 Comments