আজিৰে পৰা দেশত আৰম্ভ হ'ল কিশোৰ - কিশোৰীসকলৰ ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া।
দেশত আজিৰে পৰা আৰম্ভ কৰিলে কিশোৰ-কিশোৰীসকলৰ ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। দেশজুৰি Cowin এপছৰ জৰিয়তে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক ভেকচিন প্ৰদানৰ বাবে আৰম্ভ কৰা হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া।
বিদ্যালয়সমূহত পাঠদান নিয়মীয়াকৈ আৰম্ভ কৰিবলৈ বিভিন্ন মহলে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি অহাৰ পিছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কিশোৰ-কিশোৰীসকলক ভেকচিন প্ৰদান নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অহা ৩ জানুৱাৰীৰ পৰা দেশজুৰি ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ - কিশোৰীসকলক ক'ভিড ভেকচিন প্ৰদান কৰা হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আধাৰ কাৰ্ডৰ লগতে বিদ্যালয়ৰ পৰিচয় পত্ৰৰ জৰিয়তেও ভেকচিনৰ বাবে পঞ্জীয়ন কৰিব পাৰিব।
0 Comments