পশ্চিম বংগত ভয়ংকৰ ৰেল দুৰ্ঘটনা লাইনচ্যুত হয় গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ট্ৰেইনখন।

পশ্চিম বংগত ভয়ংকৰ ৰেল দুৰ্ঘটনা


**হয় পশ্চিম বংগৰ নিউ জলপাইগুড়িত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা।

**লাইনচ্যুত হয় গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ট্ৰেইনখন।

**ট্ৰেইনৰ ৬টাকৈ ডবা লাইনচ্যুত হয়। ইটো ডবাৰ ওপৰত উঠি গৈছে সিটো ডবা।

**বহু যাত্ৰীৰ মৃত্যু হোৱাৰ সন্দে প্ৰকাশ কৰা হৈছে। 

**পাটনাৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰা বিকাৰ এক্সপ্ৰেছখন বিয়লি ৫ মান বজাত দুৰ্ঘটনাত পতিত হয়। 

**ভোগালী বিহুৰ উৰুকাৰ দিনাই পশ্চিমবংগৰ জলপাইগুৰিত সংগঠিত ট্ৰেইন দুৰ্ঘটনাত এতিয়ালৈকে ৫জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহত হৈছে অৰ্দ্ধ শতাধিক লোক। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

**দুৰ্ঘটনাগ্ৰস্ত ট্ৰেইনখনত বিহু বাবে অহা যাত্ৰী থকাৰ সম্ভাৱনা আছে। 

**ইতিমধ্যে এন এফ ৰেলৱেই তিনিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰি দিছে। 

**হেল্পলাইন নম্বৰ কেইটা হৈছে, 8134054999, 03612731622, 03612731623 অসমৰ কোনো লোক যদি দুৰ্ঘটনাগ্ৰস্ত ৰেলখনত আছে তেন্তে পৰিয়ালৰ লোকে উক্ত হেল্পলাইন নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰে।

Post a Comment

0 Comments