চাপৰত জীৱিত ব্যক্তিক মৃত সজালে কোনে?
ৰহস্যৰ আৰত BSF জোৱান মগৰব আলী ওৰফে মোৱাৰক আলীৰ জীৱন।বি এছ এফৰ কৰ্মৰত জোৱান গৰাকীৰ জীৱনলৈ আহিছে ঘৰ অমানিশা ।
যোৱা ৩০ ডিচেম্বৰ.তাৰিখে উক্ত ঘটনাৰ ওপৰত অসমৰ বিভিন্ন সংবাদ মাধ্যমত এটা বাতৰি সম্প্ৰচাৰ হৈছিল। বি এছ এফৰ জোৱান এগৰাকীৰ জীৱনক লৈ হেতালি খেলাৰ পিছত কিন্তু কানষাৰ নাই কোনো উচ্চ পদস্ত বিষয়াৰ তথা কোনো ধৰণৰ তদন্ত এতিয়ালৈকে পোহৰলৈ অহা নাই। এতিয়া প্ৰশ্ন হৈছে যদি এগৰাকী ভাৰতীয় জোৱানৰ জীৱন- সম্পত্তিৰ নিৰাপত্তা নাই তেন্তে সাধাৰণ নাগৰিকৰ কি হব বুলি সৰ্বত্ৰে প্ৰশ্ন উঠিছে।
ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী ১ম খণ্ডৰ বাসিন্দা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান মোবাৰক আলী ওৰফে মোগৰোব আলীৰ নামত চাপৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা ২০০৯ চনত মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল। স্বাস্থ্য বিভাগক কোনে বিপথে পৰিচালিত কৰিছিল? আৰু যিখন প্ৰমাণ পত্ৰৰে জোৱান জনৰ মাটি নিজৰ আত্মীয়ই নিজ নিজ নামত নামজাৰি কৰি লৈছে
এতিয়া প্ৰশ্ন হৈছে স্বাস্থ্য বিভাগৰ কোন গৰাকী বিষয়াই ২০০৯ চনত মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল, স্বাস্থ্য বিভাগক বিপথে পৰচালিত কৰিছিল নে বৃহৎ লেন দেনত জীৱিত ব্যক্তিক মৃত সজোৱা হৈছিল? আনকি চাপৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ কোনজন বিষয়াই তদন্ত নকৰাকৈ তথা ক্ষেত্ৰ পৰিদৰ্শন নকৰাকৈ Next Of Kin ৰ বাবে অনুমতি প্ৰদান কৰিছিল, যিখন প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি নিজৰ আত্মীয়ৰ মাটি কৌশলগত ভাবে নামজাৰি কৰিছিল
এতিয়া প্ৰশ্ন হয় স্বাস্থ্য বিভাগ আৰু উচ্চ পদস্ত বিষয়াই পাৰিবনে উলিয়াবলৈ দুষ্কৃতিকাৰী ব্যক্তি কেইজনক?
নে কেচু খান্দোতে সাপ ওলোৱাৰ ভয়ত থমকি ৰব তদন্ত প্ৰক্ৰিয়া?
0 Comments