এফালে উচ্চ শিক্ষা গ্ৰহণ আনফালে চাহৰ দোকানেৰে জীৱন সংগ্ৰাম নলবাৰীৰ এগৰাকী মেধাৱী ছাত্ৰীৰ
মনত সাহস আৰু প্ৰবল ইচ্ছা শক্তি থাকিলে আৰ্থিক দৈন্যতাই যে হেঙাৰ হব নোৱাৰে সেয়া প্ৰমাণ কৰি দিলে নলবাৰী বৰজাৰৰ প্ৰণামী হালৈ নামৰ এগৰাকী মেধাবী ছাত্ৰীয়ে। ছাত্ৰী গৰাকীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৮৩% মুঠ নম্বৰ লাভ কৰি নলবাৰী মহাবিদ্যালয়ত স্নাতক ডিগ্ৰীত নাম ভৰ্তি কৰি চুড়ান্ত বৰ্ষৰ পৰীক্ষা দিয়াৰ লগতে নলবাৰী কোৰিয়াৰ Diet চেণ্টাৰত D.EL.ED নাম ভৰ্তি কৰায়।
ইপিনে গাড়ী চালক পিতৃ চন্দ্ৰ হালৈ অসুস্থ হোৱাত পৰিয়ালটোৰ হাঁহ নচৰা অৱস্থা। কিন্তু সাহসী মেধাবী ছাত্ৰী গৰাকীয়ে নিজ বাসভৱনৰ সন্মুখত তথা 31নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপতে এখন চাহ দোকানেৰে চলাইছে জীৱন সংগ্ৰাম । চাহ দোকানত পোৱা ধনেৰে প্ৰনামীয়ে চলাই পৰিয়ালটো । অন্যহাতে আৰণ্যক ফুড প্ৰডাক্ট নামে এটি ক্ষুদ্ৰ আচাৰৰ ব্যৱসায় ও আৰম্ভ কৰিছে মেধাবী ছাত্ৰী গৰাকীয়ে।
মাত্ৰ ৪০০০টকাৰে আৰম্ভ কৰিছিল আৰণ্যক ফুড প্ৰডাক্ট,এইক্ষেত্ৰত বৰমাৰ বিধায়ক ভূপেন বড়োৱে ২০০০০টকা অনুদান আগবঢ়াইছে৷কিন্তু ব্যৱসায়টো বহল ভিত্তিত কৰিবলৈ সেয়াও পৰ্যান্ত নহয়,সেয়েহে চৰকাৰৰ পৰা প্ৰণামীয়ে বিচাৰিছে সহায় ।
ইপিনে চৰকাৰী অভিলাসী আঁচনিৰ পৰাও বঞ্চিত পৰিয়ালটো । BPL কাৰ্ড থকাৰ পিছতো নাই কোনো চৰকাৰী সাহায্য।আজিলৈকে পোৱা নাই এটি চৰাকৰী আৱাস গৃহ ৷ অতি কষ্টৰে জীৱন অতিবাহিত কৰা প্ৰনামীয়ে ভবিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ মন ৷ কিন্ত নৱ প্ৰজন্মলৈ আহ্বান কষ্ট কৰিলে ফল এদিন পাব বুলিও মন্তব্য উচ্চ শিক্ষিত প্ৰনামীৰ ৷
0 Comments