"ঐতিহাসিক"- আমেৰিকা যুক্তৰাষ্ট্ৰত গাহৰিৰ হৃদযন্ত্ৰ প্ৰতিস্থাপন মানুহৰ শৰীৰত
আজিৰে
পৰা ২৫ বছৰৰ আগেয়েই এগৰাকী অসমীয়া চিকিৎসকে কৰিছিল এটা বিশেষ আৱিষ্কাৰ। এই
আৱিষ্কাৰক লৈ সেই সময়ত যথেষ্ট তিৰষ্কাৰ কৰা হৈছিল যদিও শেহতীয়াকৈ তেওঁৰ আৱিষ্কাৰেই
সফলতা লাভ কৰিলে আমেৰিকাৰ দৰে দেশত।
শেহতীয়াকৈ আমেৰিকাৰ এখন হস্পাতালত এগৰাকী ব্যক্তিৰ দেহত সফলতাৰে সংৰোপন কৰা হয়
গাহৰিৰ হৃদপিণ্ড। আমেৰিকাৰ মেৰিলেণ্ড ইউনিভাৰচিটী অৱ মেডিকেল স্কুলৰ এই কাৰ্য
সফলতাৰে সমাপ্ত হৈছে।
এগৰাকী
৫৭বছৰীয়া লোকৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সফলতাৰে সংৰোপন কৰা এই বাতৰি আজিৰ দিনটোত
আন্তৰাষ্ট্ৰীয় স্তৰত সবাতোকৈ চৰ্চিত খবৰ। যোৱা সোমবাৰে এই জটিল অস্ত্ৰোপচাৰ
সম্পন্ন কৰা চিকিৎসকগৰাকী আছিল চাৰ্জন বাৰ্টলী পি গ্ৰিফিথ। ডেভিদ বেনেট নামৰ
৫৭বছৰীয়া ব্যক্তিগৰাকীৰ দেহত ইতিহাসত প্ৰথমবাৰৰ বাবে সংৰোপন কৰা হৈছে গাহৰিৰ
হৃদযন্ত্ৰ। এক জটিল অস্ত্ৰোপচাৰ যোগে মানৱ দেহত গাহৰিৰ হৃদপিণ্ড সংৰোপন কৰা
চিকিৎসকগৰাকী কেইবাবাৰো বিফলতাৰ মুখ দেখাৰ পাছত এই সফলতা বুটলিবলৈ সক্ষম হৈছে।
উল্লেখ্য
যে,
প্ৰায় ২৫ বছৰৰ আগেয়ে এনেদৰেই মানৱ দেহত গাহৰিৰ হৃদপিণ্ড সংৰোপন কৰি
প্ৰায় ৯৫শতাংশ সফলতা লাভ কৰিছিল ডাঃ ধনীৰাম বৰুৱাই।
0 Comments