পংকজ গুপ্তাৰ মাতৃ আৰু ভ্ৰাতৃয়ে এনকাউন্টাৰ নকৰিবলৈ আহ্বান জনাঁলে আৰক্ষীক।

বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ পৰা পলায়ন কৰা ড্ৰাগছ বেপাৰী পংকজ গুপ্তাৰ আত্ম সমৰ্পন ৷


 শনিবাৰে নিশা আমবাৰীস্থীত নিজ বাসগৃহত আৰক্ষীৰ ওচৰত আত্ম সমৰ্পন কৰে পংকজে ৷ উল্লেখ্য যে বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই ড্ৰাগছ সহ পংকজক গ্ৰেপ্তাৰ কৰি চমজাই দিছিল থানাৰ আৰক্ষীক ৷ 

ৰহস্যজনক ভাৱে থানাৰ ল'কআপৰ পৰিবৰ্তে এটা খোলা কোঠাত ভৰায় থৈছিল পংকজক ৷ মংগলবাৰে বিয়লি বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ সোপাধিলা নিৰাপত্তাৰ সুযোগ গ্ৰহন কৰি থানাৰ পৰা পলায়ন কৰিছিল পংকজে ৷ 

ড্ৰাগছ আসক্ত পংকজ থাকিব নোৱাৰে ড্ৰাগছ অবিহনে আৰু ড্ৰাগছ বিচাৰি থানাৰ পৰা অনায়াসে আৰক্ষীৰ বাধাৰ অবিহনে ওলাই আহিছিল পংকজ ৷ চাৰি দিন ধৰি আত্মগোপন কৰি থকা পংকজ অৱশেষত উপস্থিত হয় নিজৰ ঘৰত আৰু পৰিয়ালৰ লোকৰ সহযোগত  আৰক্ষীৰ ওচৰত আত্ম সমৰ্পন কৰে ৷

 আনহাতে সাংবাদিকৰ কেমেৰাৰ সন্মুখতে  ড্ৰাগছ নাপাই আত্ম হত্যা কৰাৰ পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰি পংকজে কয় একমাত্ৰ পৰিয়ালৰ বাবেহে জীয়াই আছো মই ৷ এই মূহুৰ্ততো ড্ৰাগছ খাবলৈ মন গৈ আছে বুলি কেমেৰাৰ সন্মুখতে মন্তব্য কৰে পংকজে ৷

নিজকে ড্ৰাগছ আসক্ত বুলি পৰিচয় দিয়া পংকজে ড্ৰাগছৰ ব্যৱসায় নকৰে বুলি লগতে মন্তব্য কৰে ৷ইফালে আত্ম সমৰ্পন কৰা পংকজৰ মাতৃ আৰু ভ্ৰাতৃয়ে এনকাউন্টাৰ নকৰি আইনৰ জৰিয়তে শাস্তি প্ৰদান আৰু চিকিৎসাৰ জৰিয়তে সুষ্ঠ কৰি তুলিবলৈ আৰক্ষীলৈ আহ্বান কৰে ৷

Post a Comment

0 Comments