বিয়লি ৪-৩০ বজাত প্ৰধানমন্ত্ৰীৰ ক'ভিড পৰিস্থিতিক লৈ জৰুৰী বৈঠক।
ক'ভিড সংক্ৰমণ দেশত অতিপাত গতিত বৃদ্ধি পাইছে। দেশত ১.৬০লাখ লোক আক্ৰান্ত হৈছে ২৪ঘন্টাত। প্ৰধানমন্ত্ৰীয়ে শেহতীয়া এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক বিশেষ বৈঠক আজি বিয়লি ভাগলৈ আহ্বান কৰিছে। শেহতীয়াকৈ কোৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰা হব এই বৈঠকত।
উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীকে ধৰি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল। ক'ৰোনাত আক্ৰান্ত হৈ বিগত ২৪ঘন্টাত ৩২৭গৰাকী লোকৰ মৃত্যু। বিয়লি ৪.৩০বজাত অনুষ্ঠিত হব এই বৈঠক।
0 Comments