শামুকক অষ্ট্ৰোপ্ৰচাৰ কৰি স্বাৱলম্বিতা দেখুৱাইছে এজন উচ্চ শিক্ষিত মেধাবী যুৱকে।

শামুকক অষ্ট্ৰোপ্ৰচাৰ কৰি স্বাৱলম্বিতা দেখুৱাইছে এজন উচ্চ শিক্ষিত মেধাবী যুৱকে।

নলবাৰীৰ এগৰাকী উচ্চশিক্ষিত যুৱকে নিজৰ পুখুৰীত উৎপাদন কৰিছে মুকুটা। বৈজ্ঞানিক পদ্ধতিত কৰিছে মুকুটা  খেতি। শামুকক বিশেষভাৱে অস্ৰোপ্ৰচাৰ কৰি এইগৰাকী উচ্চশিক্ষিত যুৱকে প্ৰস্তুত কৰি উলিয়াইছে মুকুটা। 

উল্লেখযোগ্য যে মুকুটা খেতিৰ বাবে প্ৰশিক্ষণ লৈ নিজৰ ঘৰৰ পিছফালৰ পুখুৰীত নলবাৰীৰ পকোৱাৰ সঞ্জীৱ দত্ত নামৰ যুৱকগৰাকীয়ে কৰি আহিছে মূল্যৱান মুকুটা খেতি। সচৰাচৰ বিল,জলাশয় আদিত উপলদ্ধ এইবিধ শামুক আনি অস্ৰোপ্ৰচাৰ কৰি বিশেষভাৱে পুখুৰীত পোহাৰ পিছত প্ৰায় এবছৰ ভিতৰত সম্পূৰ্ণ হৈ উঠে মুকুটা। 

লক্ষণীয় যে অতি কম খৰছতে এটা শামুকৰ ভিতৰত পাব পাৰি চাৰিটাকৈ মুকুটা। বজাৰত যথেষ্ট চাহিদা থকা এই মুকুটা খেতি প্ৰায় দুবছৰ আগৰ পৰা কৰি আহিছে উচ্চশিক্ষিত মেধাবী যুৱক সঞ্জীৱ দত্তই। আনহাতে, বহিৰাষ্ট্ৰত যদিও মুকুটাৰ খেতিত যথেষ্ট আগবঢ়া কিন্তু ভাৰতবৰ্ষত কিছু-কিছু ঠাইতে মুকুটা খেতি কৰা দেখা যায়। প্ৰতিটো মুকুটাৰ বজাৰ মূল্য যথেষ্ট হোৱা বাবে কম পৰিমাণৰ খেতি কৰিও লাখ-লাখ টকা উপাৰ্জন কৰি আহিছে যুৱকজনে। যূৱ প্ৰজন্মক এই খেতিৰ প্ৰতি আগ্ৰহী হবলৈ অনুৰোধ কৰিছে সঞ্জীৱে।

 মুকুটাৰ জৰিয়তে স্বাৱলম্বী হোৱা এইগৰাকী যুৱক ইয়াৰ উপৰিও সংবাদ ক্ষেত্ৰৰ লগত জড়িত হৈ আছে। নলবাৰীৰ এই যুৱকজন মুকুটাৰ খেতি কৰি এক আশাৰ বতৰা লৈ আহিছে নিবনুৱা সকলৰ বাবে।

Post a Comment

0 Comments