মায়ঙৰ কৃষকলৈ সুখবৰ
এতিয়াৰ পৰা প্ৰতি মুন ধানত কৃষকে পাব ৭৭৬ টকা মৰিগাঁও জিলাত নটাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলি ।
অসম চৰকাৰে মুঠ দহ লাখ মেট্ৰিক টন ধান কৃষকৰ পৰা ক্ৰয় কৰিবলৈ জাৰি কৰা নিৰ্দেশ অনুসৰি মৰিগাঁও জিলাটো সংশ্লিষ্ট বিভাগ সমূহে যাবতীয় কাম কাজ সম্পূৰ্ণ কৰিবলৈ আগ বাঢ়ি আহিছে । দেওঁবাৰে মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত কিছু নিৰ্বাচিত কৃষকক জাগী ভকতগাঁও সমূহীয়া ভবনত নাম পঞ্জীয়ন কৰাৰ লগতে কৃষক সকলৰ বাবে সজাগতা সভাৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত বিভিন্ন বিভাগৰ বিষয়াৰ লগতে উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলিয়া । বাঘজাপ গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দেউৰীয়ে সভাপতিত্ব কৰা সভা খনত কৃষি বিষয়া সকলৰ লগতে, কৃষক, মণ্ডল আৰু গাঁও প্ৰধান সকলেও বক্তব্য ৰাখে। কৃষক সকলৰ পঞ্জীয়ন কাম চলি থকাৰ সমান্তৰালকৈ মনহাত আন এটা ধান ক্ৰয় কেন্দ্ৰৰ শুভ উদ্বোধন কৰে উপায়ুক্ত গৰাকীয়ে। জিলাখনত মুট ০৯ টা এনে ধান ক্ৰয় কেন্দ্ৰ কৃষকৰ বাবে মুকলি কৰি দিয়া হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে মুনে প্ৰতি ৭৭৬ টকাকৈ লাভ কৰিব বুলি জানি কৃষক সকলক আনন্দিত হোৱাৰ লগতে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিবলৈ আগ্ৰহী হোৱা পৰিলক্ষিত হ'ল ।
0 Comments