মাজুলীত ক'ভিড পৰিস্থিতিৰ ওপৰত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা
আৰক্ষী অধীক্ষক,জিলা উপায়ুক্তই গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত
জিলাখনত দুপালি ভেকচিন গ্ৰহণ নকৰা আৰু মাক্স পৰিধান নকৰা লোকক চৰকাৰী কাৰ্যালয়,বজাৰ সমাৰত প্ৰৱেশত বাধা আৰোপ
নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহম কৰিব কঠোৰ সিদ্ধান্ত
সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীত জিলা প্ৰশাসনে মাজুলীৰ বিভিন্ন স্থানত গাওঁবুঢ়া, গাওঁৰক্ষী বাহিনী,ব্যৱসায়ী সন্থা আৰু সচেতন লোকৰ মাজত জৰুৰী সজাগতা সভা অনুষ্ঠিত কৰি ক'ভিডৰ ওপৰত কঠিয়া নিৰ্দেশনা জাৰি কৰিছে।বৰ্তমানলৈকে জিলা খনত ১৭ গৰাকী লোকৰ শৰীৰত ক'ভিডৰ অৱস্থিতি ধৰা পৰাৰ লগে লগেই জিলা প্ৰশাসন,আৰক্ষী বিভাগে তৎপৰতাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে।মাজুলীৰ মুঠ ২ লাখ লোকৰ মাজত ক'ভিডৰ বাবে জটিল পৰিস্থিতি উদ্ভৱ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে চৰকাৰৰ নতুন SOP ৰ উপৰিও কিছু নতুন নিৰ্দেশনা জাৰি কৰিছে।
0 Comments