আকৌ হ'ব নেকি লকডাউন ?
যি হাৰত কৰোনাৰ সংক্ৰম বিস্তাৰ হবলৈ ধৰিছে চৰকাৰৰ বাবে ই চিন্তাৰ কাৰণ হৈ পৰিছে। যি দেখা গৈছে সম্প্ৰতি কৰোনা ভাইৰাছৰ তৃতীয় ঢৌ পাঁচগুণ দ্ৰুতগতিত বিয়পিব ধৰিছে। খবৰ মতে দেশৰ সাতখন ৰাজ্যত কাল কৰোনাৰ সংক্ৰমণে মহা সংকট নমাই আনিছে দেশখনলৈ। কৰোনা অ'মিক্ৰনৰ দ্ৰুত সক্ৰমণে দেশত আকৌ লকডাউন হ'ব নেকি এই জিজ্ঞাসা এতিয়া সকলোৰে মুখে মুখে। ইতিমধ্যে দেশৰ সাতখন ৰাজ্যৰ R ভেল্যু ৩ ৰ ওপৰত গতি কৰিছে অৰ্থাৎ কৰোনা পৰিস্থিতি ভয়াবহ ৰূপত আছে। আগৰ লকডাউন দুটাৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে, তেতিয়াৰ তুলনাত বৰ্তমান দেশৰ পৰিস্থিতি অধিক বেয়াৰ ফাললৈ গতি কৰিছে। সেয়ে স্বাভাবিকতে প্ৰশ্ন উত্থাপিত হয় যে, দেশত তৃতীয়বাৰৰ বাবে লকডাউন হোৱাৰ সম্ভাৱনা আছে নেকি? কেন্দ্ৰীয় চৰকাৰে দেশত তৃতীয় বাৰৰ বাবে লকডাউন জাৰি কৰিবলৈ চিন্তা চৰ্চা কৰি আছে নেকি? নে বিকল্প কোনো পথ বিচাৰি আছে? কৰোনাক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনা কি হ'ব? কেনেকৈ মোকাবিলা কৰিব অমিক্ৰনৰ সৈতে?
অদৃশ্য কৰোনাৰ তৃতীয় লহৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে অসম, মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, দিল্লী, মহাৰাষ্ট্ৰ আৰু গুজৰাটকে ধৰি বহু কেইখন ৰাজ্যতে সান্ধ্য আইন বলবৎ কৰা হৈছে। অসমত ৰাজ্যজুৰি পঞ্চম শ্ৰেণীলৈ আৰু কামৰূপ মহানগৰত অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ ৰখা হৈছে। একেদৰে ৫০ শতাংশ উপস্থিতিৰ সৈতে মধ্য প্ৰদেশৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। উত্তৰ প্ৰদেশতো অষ্টম শ্ৰেণীলৈকে বিদ্যালয় সমূহ বন্ধ কৰি দিয়া হৈছে। তদুপৰি ৰাজহুৱা স্থান কিংবা অন্যান্য অনুষ্ঠানত কেৱল ২০০ জন লোককহে অনুমতি দিয়া হৈছে। দিল্লীত বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ কৰি দিয়া হৈছে। চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ ঘৰৰ পৰাই কৰি যাবলৈ অনুমতি প্ৰদান কৰা হৈছে। আনকি ব্যক্তিগতখণ্ডৰ কাৰ্যালয় সমূহো বন্ধ ৰাখি ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশনা দিয়া হৈছে। গুজৰাটত বিদ্যালয় আৰু মহাবিদ্যালয় খোলা আছে যদিওঁ ৰাজহুৱা স্থানত প্ৰমাণীকৰণ বাধ্যতামূলক কৰা হৈছে। এই সকলোবোৰ ব্যৱস্থাই অমিক্ৰন নিয়ন্ত্ৰণ কৰাত সহায়ক হ'ব।
0 Comments