কলিয়াবৰত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৬ সংখ্যাক বাৰ্ষিক অধিৱেশন আৰু নাট সমাৰোহ

 কলিয়াবৰত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৬ সংখ্যাক বাৰ্ষিক অধিৱেশন আৰু নাট সমাৰোহ


শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ কলিয়াবৰ জিলা শাখাৰ অন্তৰ্গত ১ নং মধ্যে কলিয়াবৰ প্ৰাথমিক শাখাৰ ৮৬ সংখ্যাক বাৰ্ষিক অধিৱেশন আৰু নাট সমাৰোহ ৭ আৰু ৮ জানুৱাৰী ২০২২ তাৰিখে মধ্যে কলিয়াবৰৰ তেলিয়া গাঁও নামঘৰত অনুষ্ঠিত হৈ যায়। উক্ত অধিৱেশনত ভাগীত ৭ জানুৱাৰীৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি প্ৰাতঃ প্ৰসংগ, পৰিৱেষ নিকাকৰণ,বন্তি প্ৰজ্বলন, পতাকা উত্তোলন,ভাগৱত শোভাযাত্ৰা, নাম প্ৰসংগ, লগতে এখনি আলোচ্য চক্ৰ অনুস্থিত হয়। 

আলোচনাৰ বিষয় বস্তু অংকীয়া নাট ভাওনাৰ পৰিবেশন শৈলী। আলোচনা ভাগত জিলা সভাপতি ৰসেশ্বৰ লাঙী বাপৰ সভাপতিত্বত উদ্বোধন কৰে মূল সংঘৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক তথা বৰ্তমানৰ কলিয়াবৰ জিলা শাখাৰ মূলৰ সদস্য ফণী হাজৰিকা বাপে আৰু আলোচক হিচাবে অংশগ্ৰহণ কৰে মূল সংঘৰ প্ৰাক্তন সাংস্কৃতিক সভাপতি পবিত্ৰপ্ৰাণ বৰা বাপে। 

সন্ধিয়া ৭ বজাত প্ৰাথমিক শাখাৰ শিশু সকলৰ  দ্বাৰা মাধৱদেৱৰ বিৰচিত চুৰধৰা জুমুৰা নাট আৰু যুৱক যুৱতী সকলৰ দ্বাৰা মহা পুৰুষ শঙ্কৰদেৱৰ বিৰচিত কেলিগোপাল নাট ভাগ অনুষ্ঠিত হয়। দ্বিতীয় দিনা ৮ জানুৱাৰী তাৰিখে প্ৰাতঃ প্ৰসংগ, সামূহিক চাফাই, ভাগৱত পাঠ আৰু বাখ্যা খোল প্ৰসংগ আৰু নাম প্ৰসংগ, প্ৰাথমিক শাখাৰ বাৰ্ষিক সাধাৰণ সভা আৰু অধিবেশন অনুষ্ঠিত হয়। 

সন্ধিয়া ৭ বজাত নাট উদ্বোধন হয় আৰু উদ্বোধন কৰে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই। দ্বিতীয় দিনৰ নাট মহা পুৰুষ শঙ্কৰদেৱৰ শ্ৰী ৰাম বিজয় নাট ভাগ প্ৰাথমিক শাখাৰ বাপ আই সকলে অভিনয় কৰে। উক্ত নাট ভাগত অভিনয় কৰে মূলৰ প্ৰাক্তন সম্পাদক হৰি প্ৰসাদ হাজৰিকা, পবিত্ৰ প্ৰাণ বৰা, ফণী হাজৰিকা, আৰু শিল্পী বৃন্দই।

Post a Comment

0 Comments