জুৰিয়াৰ উত্তৰাঞ্চলত পৰিভ্ৰমী চৰাই নিধন।

জুৰিয়াৰ উত্তৰাঞ্চলত পৰিভ্ৰমী চৰাই নিধন। 


 শীতৰ আগমনৰ লগে লগে অসমৰ নৈ বিল জান জুৰি সমূহত আগমন ঘটে বিভিন্ন পৰিভ্ৰমী চৰাইৰ। এ সময়ত পৰিভ্ৰমী চৰাইৰ কৰলৱত মুখৰিত জলাশয় সমূহ চোৰাং চিকাৰীৰ কৱলত পৰি বৰ্তমান নিজম পৰা পৰিলক্ষিত হৈছে। 

আজি তাকীয়া পাব্লিক ফাউণ্ডেচনৰ উদ্যোগত নগাওঁ জিলা বন্যপ্ৰাণী সংমণ্ডলৰ মুখ্য বন বিষয়া কল্যাণী মালাকাৰৰ নেতৃত্বত চলা এক অভিজানত বৃহত্তৰ জুৰিয়াৰ আলিটাঙণি অঞ্চলৰ মাহগুৰি, আলিটাঙণি, শিমলুআটী আদি অঞ্চলৰ জলাশয়ৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা ১১ টাকৈ শৰালী হাঁহ জব্দ কৰাৰ লগতে চৰাই নিধন ফান্দ জব্দ কৰিবলৈ সক্ষম হয়।

 ইয়াৰ উপৰিও গৰৈমাৰি,কাৱৈমাৰি,পুথিমাৰি , বিভিন্ন অঞ্চলত বনৰীয়া চৰাই নিধন কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Post a Comment

0 Comments