লামডিঙত উপস্থিত মুখ্যমন্ত্ৰী। হেলিকপ্তাৰৰ পৰা নামি সতীৰ্থসহ গাড়ীৰে হাফলঙৰ কেবিনেটলৈ মুখ্যমন্ত্ৰী

লামডিঙত উপস্থিত মুখ্যমন্ত্ৰী। হেলিকপ্তাৰৰ পৰা নামি সতীৰ্থসহ গাড়ীৰে হাফলঙৰ কেবিনেটলৈ মুখ্যমন্ত্ৰী

প্ৰথমবাৰৰ বাবে পাহাৰীয়া জিলা ডিমা হাছাওত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠক। পাহাৰীয়া জিলাখনত অনুষ্ঠিত বলগীয়া এই কেবিনেট বৈঠকক কেন্দ্ৰ কৰি সজাই তোলা হৈছে সদৰ হাফলঙক। ইতিমধ্যে কেবিনেট বৈঠকক কেন্দ্ৰ কৰি জিলাখনত উপস্থিত হৈছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীকে ধৰি শীৰ্ষ বিষয়াসকল।

মঙ্গলবাৰৰ পৰাই জিলাখনলৈ আগমণ ঘটা অসম চৰকাৰৰ মন্ত্ৰীসকলে জিলাখনলৈ যোৱাৰ লগতে বৈঠকত অংশলৈ ঘূৰি অহাৰ সময়ত কেইবাখনো জিলা পৰিদৰ্শন কৰিব। আনহাতে কেবিনেট বৈঠকত অংশ বৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্তাৰৰ জৰিয়তে গুৱাহাটীৰ পৰা লামডিঙলৈ যায় আৰু তাৰ পৰা সতীৰ্থ কেইবাগৰাকীও মন্ত্ৰীৰ লগত গাড়ীৰে হাফলঙত গৈ উপস্থিত হয়।

উল্লেখ্য যে হাফলঙত হেলিপেডৰ কোনো ব্যৱস্থা নথকাৰ বাবেই মুখ্যমন্ত্ৰীৰ হেলিকপ্তাৰ লামডিঙতে অৱতৰণ কৰা হয় মুখ্যমন্ত্ৰীক লামডিঙৰ পৰা আদৰি নিবলৈ ডিমা হাছাওৰ পৰা কেইবাগৰাকীও মন্ত্ৰী. বিধায়ক আহি লামডিঙত উপস্থিত হয় আৰু তেওঁক আদৰি নিয়ে।

ইফালে ৰাজ্যিক কেবিনেট বৈঠকক কেন্দ্ৰ কৰি হাফলঙত এক উদুলি-মুদুলি পৰিৱেশৰ সূচনা হৈছে

দিনৰ -৩০ মিনিটৰ পৰা অনুষ্ঠিত বলগীয়া এই কেবিনেট বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। কেইবাটাও চৰকাৰী অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে কেবিনেট বৈঠকৰ বাবে ডিমা হাছাওলৈ মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী তথা শীৰ্ষ বিষয়াৰ আগমণক কেন্দ্ৰ কৰি জিলাখনৰ সদৰ হাফলঙ মিনি দিছপুৰলৈ পৰিৱৰ্তন হৈছে।

পাহাৰীয়া জিলাখনে শেহতীয়াকৈ তীব্ৰ পানীৰ সংকটত ভূগিবলগীয়া হৈছে। আনহাতে জিলাখনৰ বাট-পথ আজিও সূচলৈ হৈ উঠা নাই। এনে অনেক সমস্যাৰ বাবে কেবিনেট বৈঠকৰ দিনটোতে আই পি এফ নামৰ সংগঠনটোৱে জিলাখনত ১২ ঘণ্টীয়া এক বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছিল। 

অৱশ্যে চৰকাৰে সংগঠনটোৰে সৈতে তেওঁলোকৰ সমস্যা সমাধাৰ বাবে আলোচনাৰ প্ৰস্তাৱ দিয়াত সেই বন্ধ সাময়িকভাৱে স্থগিত ৰখা হৈছে।

কেবিনেট বৈঠকতে ডিমা হাছাও জিলাখনলৈ বিশেষ পেকেজ ঘোষণা কৰাৰো সম্ভাৱনা আছে। আনহাতে ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি সন্দৰ্ভতো এই কেবিনেট বৈঠকত গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইফালে কেবিনেট বৈঠকৰ বাবে জিলাখনলৈ আগমণ ঘটা মন্ত্ৰী-বিধায়কৰ লগতে শীৰ্ষ বিষয়াসকলক জনজাতীয় খাদ্যৰে সোৱাদ দিবলৈ সাজু হৈছে জিলা প্ৰশাসন।

জানিব পৰা মতে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলৰ পৰাও খাদ্য কঢ়িয়াই নিয়া হৈছে জিলাখনলৈ।

Post a Comment

0 Comments