ডি.এচ.পিৰ পদত নিয়োজিত হ'ল লাভলীনা বৰগোহাঁই- আনুষ্ঠানিক ভাৱে নিযুক্তি প্ৰদান কৰিলে অসম চৰকাৰে।

ডি.এচ.পিৰ পদত নিয়োজিত হ'ল লাভলীনা বৰগোহাঁই- আনুষ্ঠানিক ভাৱে নিযুক্তি প্ৰদান কৰিলে অসম চৰকাৰে।


অৰ্থৰ অভাৱত পৰি এসময়ত যিগৰাকী খেলুৱৈয়ে উপযুক্ত অনুশীলনৰ পৰাও বঞ্চিত হৈছিল সেই খেলুৱৈগৰাকীয়েই অসম তথা দেশক গৌৰৱান্বিত কৰি অলিম্পিকত লাভ কৰিছিল ব্ৰঞ্জৰ পদক। সৃষ্টি হৈছিল ইতিহাস। এইগৰকী লাভলীনাকে বুধবাৰে ডি এছ পি পদত আনুষ্ঠানিক ভাৱে নিযুক্তি প্ৰদান কৰিলে অসম চৰকাৰে।

ৰাজ্যিক ক্ৰীড়া নীতি আৰু কেবিনেটৰ অনুমোদন অনুসৰি লাভলীনাক প্ৰদান কৰা হৈছে এই নিযুক্তি। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ক্ৰীড়ামন্ত্ৰী বিমল বৰাকে ধৰি অসম চৰকাৰৰ বহু কেইগৰকী মন্ত্ৰীৰ লগতে বিধায়ক, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিভিন্ন ক্ৰীড়ী সন্থাৰ প্ৰতিনিধিকে ধৰি বহু ব্যক্তি উপস্থিত থাকে।

ডি এছ পিৰ পোচাক পৰিধান কৰি লাভলীনাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় যে, মোৰ বাবে আজিৰ দিনটো অতি স্মৰণীয় দিন হৈ ৰ’ব। লগতে তেওঁ, এই সন্মানৰ প্ৰদানৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। অনুষ্ঠানত অসমৰ ক্ৰীড়া জগতৰ বাবে আৰু অধিক সফলতা কঢ়িয়াই অনাৰো সংকল্প গ্ৰহণ কৰিলে লাভলীনাই।

অলিম্পিকত স্বৰ্ণ পদকেই মূল লক্ষ্য কৰি লোৱা লাভলীনাই তেওঁৰ লক্ষ্যত উপনীত হ’বলৈ সকলোধৰণৰ চেষ্টা আৰু কষ্ট কৰিব বুলি উল্লেখ কৰি অসম আৰক্ষীৰ মাজত থকা খেলুৱৈসকলৰ বাবেও পৰৱৰ্তী সময়ত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে লাভলীনাই।

Post a Comment

0 Comments