জ্বৰ নহ'লেও হ'ব পাৰে আপোনাৰ ক’ভিড। এক দিনত ১০ হাজাৰ লোক আক্ৰান্ত হ'ব ক’ভিডত।
ক’ভিড এতিয়া ৰাজ্যত শীৰ্ষ পৰ্যায়ত আছে। দৈনিক ১০ হাজৰ লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে ক’ভিডত। জি এম চি এইছৰ অধীক্ষক ডাঃ অভিজিত শৰ্মা এই মন্তব্য কৰিছে। ২৩৫ জন ক’ভিড আক্ৰান্ত লোকে সোমবাৰে জি এম চি এইছৰ পৰা হোম আইচলেশ্যন লৈছে।
২৫০ জন সৰুসজাইত আৰু ২৫০ জন
ৰোগী জি এম চি এইছত চিকিৎসাধীন হৈ আছে। বৰ্তমান ক’ভিড ৰোগীৰ বাবে
১২০০ বেড খালী হৈছে জি এম চি এইছত।
অন্যৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বা দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন
হোৱা লোকৰ ক’ভিড পৰীক্ষা কৰাত যাৰ
দেহত ক’ভিডৰ উপস্থিতি পোৱা গৈছে তেওঁলোকৰো ক’ভিডত আক্ৰান্ত হৈ
মৃত্যু হোৱা বুলি ধৰা হৈছে।
জি এম চি এইছত
বৰ্তমান আই চি ইউত ৯ জনকৈ শিশু চিকিৎসাধীন
হৈ আছে।
গুৱাহাটীৰ ৪০ শতাংশ মানুহে এতিয়াও মাস্ক পিন্ধা নাই বুলি মন্তব্য কৰে ডাঃ
অভিজিত শৰ্মাই।
একাংশ লোকে নাকৰ তলত মাস্ক
পিন্ধিছে। বেছিভাগ মানুহে সমাগম হোৱা স্থানত
সতৰ্কতা মানি চলা নাই। ইয়াৰ ফলত গুৱাহাটীৰ উত্তৰ পূৱৰ হাব হোৱাৰ বাবে
গুৱাহাটীত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ
সংখ্যা।
ক’ভিডৰ লক্ষণ সম্পৰ্কত ডাঃ শৰ্মাই কয় যে, জ্বৰ নহ’লেও,
যদি পেটৰ বিষ, দুৰ্বলতা আদিৰ লক্ষণ দেহত দেখা পোৱা যায় তেনেহ'লে পলম নকৰি চিকিৎসালয়লৈ যাবলৈ আহ্বান জনাইছে।
ৰাইজৰ দলৰ নেতা ,তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ
অৱস্থা সম্পৰ্কেও তেওঁ মন্তব্য কৰে।
এতিয়া ক’ভিড হ’লে জ্বৰ নহ’বও পাৰে বুলি
জনায়
জি এম চি এইছৰ
অধীক্ষকগৰাকীয়ে।
0 Comments