অন্ন সুৰক্ষা চাউলৰ হিতাধিকাৰীৰ নামত অহা চাউল দুমাহৰ পৰা আত্মসাৎ
হোজাই জিলাৰ কপাহবাৰী সমবায় সমিতিৰ অন্তৰ্গত পাবিজুৰীৰ নজিৰ আলী নামৰ সুলভ মুল্য দোকানীজনে পিয়াৰা বেগম নামৰ অন্ন সুৰক্ষা চাউলৰ হিতাধিকাৰীৰ নামত অহা চাউল দুমাহৰ পৰা আত্মসাৎ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে |
জানিব পৰা মতে, বুধবাৰে হিতাধিকাৰীজনে দুমাহৰ পৰা চৰকাৰে দিয়া বিনামুলীয়া চাউলৰ পৰা বঞ্চিত হৈ দোকানীজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ গৈছিল হোজাই জিলা যোগান বিভাগৰ কাৰ্যালয় শংকৰদেৱ নগৰত |
তাৎপৰ্যপূৰ্ণ কথা হ'ল দোকানীজনে চাউল আত্মসাৎ কৰাৰ অভিযোগ দুখীয়া হিতাধিকাৰী জনে দিয়া অভিযোগ নামাখন গ্ৰহণ নকৰি অভিযোগকাৰীক বোজাই পঠিয়াই জিলা যোগান বিভাগৰ কাৰ্যালয়ৰ পৰা | অভিযোগ নামাখন গ্ৰহণ নকৰাত বিক্ষোভ হৈ দুঃখিত মনেৰে ওলাই আহিল হিতাধিকাৰী পিয়াৰা বেগম |
প্ৰাপ্ত খবৰ অনুযায়ী এই নজিৰ আলী নামৰ এজেন্টজনে দীৰ্ঘদিনৰ পৰা চৰকাৰে দিয়া সুলভ মুল্যৰ চাউল আত্মসাৎ কৰাৰ লগতে দোকানীজনে ক'ৰণা মহামাৰীৰ সময়ত চৰকাৰে প্ৰতিজন গ্ৰাহকক মাহিলী দুবাৰকৈ দিয়া চাউল তেওঁ গ্ৰাহকক এবাৰ এবাৰ কৈ দি আহিছিল বুলি আন এক বিস্ফোৰক অভিযোগ উঠিছে |
এই সুলভ মুল্য দোকানীজনৰ ওপৰত বিভাগে তদন্ত কৰিলে তেওঁৰ দুৰ্নীতিৰ কলা অধ্যায় ফাদিল হ'ব | তেওঁৰ দোকানৰ অন্তৰ্ভুক্ত প্ৰতিখন কাৰ্ড , বিতৰণ বহি আৰু ইষ্টক বহি তন্ন তন্নকৈ বিভাগে পৰীক্ষা কৰিলে তেওঁৰ দুৰ্নীতিৰ ক'লা অধ্যায় ফাদিল হৈ পৰিব। পৰিতাপৰ বিষয় যে, পিয়াৰা বেগমৰ নামত থকা অন্ন সুৰক্ষাৰ কাৰ্ডটোৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ চাউল কাৰ্ডত ইচু নাই | কিন্তু এনে তথ্য সহকাৰে অভিযোগ দিয়াৰ পিছতো কিয় যোগান
বিভাগৰ বিষয়াই পিয়াৰা বেগম নামৰ মহিলা গৰাকীৰ এই অভিযোগ গুৰুত্ব সহকাৰে নলই উভতাই পঠিয়ালে এয়া এক লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে | বিভাগে এই দুৰ্নীতিগ্ৰস্ত ব্যক্তিক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ এতিয়া সচেতন মহলত উত্থাপন হৈছে। এনে দুৰ্নীতিগ্ৰস্থ দোকানীক যোগান বিভাগে দুৰ্নীতি কৰাত সহযোগ কৰে নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলত |
0 Comments