বিশ্বনাথ আৰক্ষীৰ এনকাউন্টাৰৰ ভয়ত নিজে নিজে ড্ৰাগছ আসক্ত ভৰ্তি হৈছে নিচা মুক্তি কেন্দ্ৰত।

 বিশ্বনাথ আৰক্ষীৰ এনকাউন্টাৰৰ ভয়ত নিজে নিজে ড্ৰাগছ আসক্ত ভৰ্তি হৈছে নিচা মুক্তি কেন্দ্ৰত।

"নিচা মুক্তি কেন্দ্ৰৰ যুৱকৰ অকপট স্বীকাৰোক্তি আৰক্ষীৰ এনকাউন্টাৰ হোৱাতকৈ নিচা মুক্তি কেন্দ্ৰত নিজকে সংশোধণ কৰা ভাল"

বিশ্বনাথত ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত যেন বিশ্বনাথ জিলা আৰক্ষীয়ে ক্ৰমান্বয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। জিলা আৰক্ষীয়ে জিলাখনত ধাৰাবাহিক ভাবে নিষিদ্ধ ড্ৰাগছ পেডেলাৰ অথবা ড্ৰাগছ সেৱনকাৰীৰ  বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। জিলাখনৰ অন্তৰ্গত বিভিন্ন স্থানত গোপনে গঢ় লৈ উঠা অবৈধ ড্ৰাগছ,গাঞ্জা,মদ,জোৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে।

ইতিমধ্যে বিশ্বনাথ জিলা আৰক্ষীয়ে অনৈতিক কাৰ্যকলাপ তথা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই তিনিজনকৈ লোকক encounter পৰ্যন্ত কৰিছে ।কিন্তু তাৰ মাজতে বিশ্বনাথত এক ড্ৰাগছ মুক্তি কেন্দ্ৰই জিলাখনৰ ড্ৰাগছ আসক্ত যুবকৰ বাবে সু খবৰ কঢ়িয়াই আনিছে।

বিশ্বনাথ জিলা আৰক্ষীৰ সহযোগীতাত  আজি এসপ্তাহ মান আগত গঢ় লৈ উঠা AWAKENING FOUNDATION নামৰ নিচা মুক্তি কেন্দ্ৰত এতিয়া ড্ৰাগছ আসক্ত যুবকৰ সোঁত বৈছে।নিজে নিজে এতিয়া বিশ্বনাথৰ ড্ৰাগছ আসক্ত যুৱকে এই নিছা মুক্তি কেন্দ্ৰটোলে ঢাপলি মেলিবলৈ লৈছে।বিশ্বনাথ জিলা আৰক্ষীও বহু ড্ৰাগছ আসক্ত যুৱকক ধৰি নিজকে সংশোধন কৰিবলৈ এই নিচা মুক্তি কেন্দ্ৰটোলে গতাই দিছে।তাৎপয্যপূৰ্ণ বিষয় যে বিশ্বনাথ জিলা আৰক্ষীৰ ভয়ত এতিয়া জিলা খনৰ বহু ড্ৰাগছ আসক্ত যুবক নিজে নিজে নিচা মুক্তি কেন্দ্ৰলৈ আহি নিজকে সংশোধন কৰাৰ চেষ্টা চলাইছে।

বহু ড্ৰাগছ আসক্ত পিতৃ মাতৃয়েও এতিয়া নিজ সন্তানক বিশ্বনাথ আৰক্ষীৰ পৰা বচাবলৈ নিচা মুক্তি কেন্দ্ৰলৈ লৈ আহিছে।নিচা মুক্তি কেন্দ্ৰয়ো এই নিচা আসক্ত যুৱক বোৰক বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি কেনেকৈ নিচাৰ পৰা আতৰ হব পাৰি।তাৰ ওপৰত প্ৰশিক্ষণ দিছে।

Post a Comment

1 Comments

  1. Gothamist is an internet site|a net site} about New York City information, arts, occasions and 온라인 카지노 meals, delivered to you by New York Public Radio. It recommends that New Jersey cash on|put money into} measures to help prevent bacterial infections, together with higher access to syringe exchanges. Gwynne Hogan is a general task reporter who’s labored at WNYC and Gothamist since 2017. Before joining WNYC, she did stints at the New York Post and the late DNAinfo New York and studied at the CUNY Newmark Graduate School of Journalism, graduating with the category of 2014. She received a Gracie award for her coverage of the COVID-19 pandemic and a Society of Professional Journalists award for her reporting on one Rockaway school’s efforts to keep away from suspending college students. Ulrich reported earning that very same quantity through gambling every year since, according to disclosures released by the board through 2021, the latest one obtainable.

    ReplyDelete