এতিয়াৰে পৰা দেখা নাযাব প্ৰধানমন্ত্ৰীৰ ছবি । ক'ত কিয় দেখা নাযাব প্ৰধানমন্ত্ৰী ?

 এতিয়াৰে পৰা দেখা নাযাব প্ৰধানমন্ত্ৰীৰ ছবি । ক'ত কিয় দেখা নাযাব প্ৰধানমন্ত্ৰী ?  


কৰোনা ভেকচিন চাৰ্টিফিকেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো ব্যৱহাৰকলৈ আৰম্ভণিৰে পৰাই বিতৰ্ক চলি আহিছে। আনকি কেউখন ৰাজ্যই বাদ দিছিল কৰোনা ভেকচিন প্ৰমাণ পত্ৰত থকা নৰেন্দ্ৰ মোদীৰ সেই ছবি। সম্প্ৰতি সেয়াই হ'ল। সমাগমত ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। নিৰ্বাচন আয়ুক্তই ঘোষণা কৰা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত জাৰি কৰা হৈছে নিৰ্বাচনী আচৰণ বিধি। কো উইন এপ আৰু ৱেব পৰ্টেলত লগোৱা হৈছে বিশেষ ফিল্টাৰ। ফলত কভিড-১৯ ভেকচিনৰ প্ৰমাণ পত্ৰৰ পৰা বাদ দিয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ ছবি।

জানিব পৰা মতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা কো উইন এপ আৰু পৰ্টেলত লগোৱা হৈছে এই বিশেষ ফিল্টাৰ। 

যোৱা শনিবাৰে উত্তৰপ্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। সেই অনুসৰি, ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চ পৰ্যন্ত উল্লেখিত ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু ফলাফল ঘোষণা হ'ব ১০ মাৰ্চত।

প্ৰণিধানযোগ্য যে, যোৱা বছৰৰ পৰা কোৰোণা ভাইৰাছৰ টিকাকৰণৰ কাম আৰম্ভ হৈছিল। আৰু সেই টিকাৰ প্ৰমাণ পত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ফটো ব্যৱহাৰ কৰা হৈছিল। কিন্তু ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে এই ৰাজ্যকেইখনৰ কৰোনা ভাইৰাছৰ ভেকচিনৰ প্ৰমাণ পত্ৰত সাল-সলনি কৰা হৈছে।

Post a Comment

0 Comments