অসম চৰকাৰে সকলো জিলাতে নতুন (SOP)এছ.অ'.পি জাৰী কৰিছে।

অসম চৰকাৰে সকলো জিলাতে নতুন (SOP)এছ.অ'.পি জাৰী কৰিছে।


 সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অসম ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে অসম চৰকাৰে ৰাজ্যখনত নিশাৰ কাৰফিউৰ সময় সলনি কৰিছে। দেওবাৰৰ পৰা, কাৰফিউ নিশা 11:30 বজাৰ পৰা পুৱা 6:00 বজালৈ কাৰ্যকৰী হৈ থাকিব আনহাতে দোকান আৰু অন্যান্য প্ৰতিষ্ঠানবোৰ নিশা 10:30 বজাত বন্ধ থাকিব। অৱশ্যে, 31 ডিচেম্বৰৰ নিশা কাৰফিউ কাৰ্যকৰী নহ'ব ,৫০ শতাংশ লোকক সভা আৰু সমাৱেশত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হ'ব। এনে সকলো লোকে ক'ভিড ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰিব লাগিব। আনহাতে, চিনেমা হল আৰু হোটেলত ৫০ শতাংশৰ অনুমতি দিয়া হ'ব। এইবোৰ নিশা 10:30 বজাত বন্ধ কৰা হ'ব। কেৱল ক'ভিড-19 ভেকছিনৰ 2 টা পালি গ্ৰহণ কৰা লোকসকলক হে ধৰ্মীয় কাৰ্যত অনুমতি দিয়া হ'ব। ইয়াৰ উপৰিও, প্ৰতি ঘণ্টাত কেৱল সম্পূৰ্ণৰূপে টিকাকৰণ কৰা 40 জন লোকক এনে কাৰ্যত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হ'ব।


স্বাস্থ্য মন্ত্ৰীয়ে জনসাধাৰণক ক'ভিড ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰিবলৈ আহ্বান জনায় আৰু সতৰ্ক কৰি দিয়ে। অন্যথা, চৰকাৰে আইনী পদক্ষেপ ল'ব। ইয়াৰ পূৰ্বে, অসম চৰকাৰে সংশোধিত নিৰ্দেশনা জাৰি কৰিছে যে ৰাজ্যখনত প্ৰৱেশ কৰা সকলো আন্তঃৰাষ্ট্ৰীয় যাত্ৰীয়ে যাত্ৰাৰ আগতে ১৪ দিনৰ ভ্ৰমণৰ বিৱৰণ দাখিল কৰিব লাগিব আৰু এয়াৰ সুবিধা পৰ্টেলত এটা নেতিবাচক আৰ.টি-পি.চি.আৰ পৰীক্ষা প্ৰতিবেদন আপলোড কৰিব লাগিব।

Post a Comment

0 Comments