চেপ্তেম্বৰত মুকলি কৰা হ'ব শিশু কিশোৰৰ কভিড টিকাকৰণ

 শিশু আৰু কিশোৰ সকলৰ vaccine ক লৈ সম্প্ৰতি জল্পনা-কল্পনা চলি থকাৰ সময়তে আপোনালোকক জনাবলৈ বিচাৰিছো এটা আশাপ্ৰদ খবৰ । 





AIMS ৰ প্ৰধানে জনোৱা অনুসৰি অহা চেপ্তেম্বৰ মাহৰ শেষৰ পৰা দেশত শিশু আৰু কিশোৰ সকলক Vaccine প্ৰদান কৰা হ'ব। শিশু আৰু কিশোৰৰ বাবে প্ৰস্তুত কৰি থকা ক'ভেকচিনৰ টিকাৰ পৰীক্ষাৰ অৰ্থাৎ Human Clinical Trial ৰ চূড়ান্ত ফলাফল পোৱা যাব চেপ্তেম্বৰত। শনিবাৰে এই কথা জনালে দিল্লীৰ All India Institute of Medical Science  ৰ Director ৰনদীপ গুলাৰিয়াই। তেওঁ জনাইছে ইতিমধ্যে দিল্লীত ২ পৰা ৬ বছৰ বয়ষৰ শিশুৰ ওপৰত দ্বিতীয় টিকাৰ পৰীক্ষাৰ কাম আৰম্ভ কৰি দিয়া হৈছেই। 







প্ৰথম ভাৰতীয় কভিদ টিকা Covaccine প্ৰস্তুতকাৰী সংস্থা Bharat Biotech য়ে শিশুসকলৰ বাবে যি টিকা প্ৰস্তত কৰিছে , যোৱা ৭ জুনৰ পৰা তাৰ পৰীক্ষা আৰম্ভ হৈছে AIMS ৰ তত্বাবধানত। AIMS ৰ প্ৰধানে আৰু জনোৱা অনুসৰি ২ ৰ পৰা ১৭ বছৰ বয়ষৰ শিশু আৰু কিশোৰৰ ওপৰত দ্বিতীয় টিকাৰ পৰীক্ষাৰ কাম আৰম্ভ হৈছে আৰু তাৰ প্ৰমান পত্ৰও প্ৰস্তুত কৰা হৈছে। যোৱা ১২ মেত Drug control general of india ৰ ফালৰ পৰা  covaccine ৰ নতুন সংস্কৰণ শিশুৰ ওপৰত প্ৰয়োগ কৰাৰ প্ৰমান পত্ৰ দিয়া হৈছিল। Covaccine সমান্তৰালভাৱে Oxford ৰ  Cerum institute of India ৰ শিশুৰ বাবে প্ৰস্তুত কৰা ভাৰতৰ কভিদ ১৯ টিকা Novavaccor ৰ clinical trial চলিছে দেশত। তাৰোঁপৰি Phizer bioentech আৰু জাইদাচ ক্যাদিলাৰ শিশু টিকা প্ৰস্তুতিৰ পৰীক্ষাও সমান্তৰাল ভাৱে চলি আছে। AIMS ৰ সূত্ৰ অনুসৰি তিনিটা পৰ্যায়ত কভেকচিনৰ প্ৰয়োগৰ বাবে বিভিন্ন বয়ষৰ মুঠ ১৭৫জন শিশুক লৈ trial আৰম্ভ হৈছে।






 কৰনাভাইৰাচৰ সংক্ৰমনৰ তৃতীয় ঢৌয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ পূৰ্বেই শিশুসকলক টিকাকৰণৰ কাম আৰম্ভ কৰাৰ লক্ষৰেই দ্ৰুতগতিত চলিছে Vaccine প্ৰস্তুতিৰ কাম।  Aims director Gulariya ই আৰু জনাইছে যে ভেকচিনৰ প্ৰাথমিক পৰ্যায়ৰ পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে। কভেকচিনে শিশুৰ দেহত Antibody প্ৰস্তুত কৰাত সফলতা লাভ কৰিছে। Indian council for medical reserch আৰু  National institute of Virology ,এইদুয়োটা সংস্থাৰ উদ্যোগত Covaccine প্ৰস্তুত কৰি থকা হৈছে হায়দৰাবাদৰ ঔষধ প্ৰস্তুতকাৰী সংস্থা Bharat Boitechয়ে। নিশ্চয়কৈ Bharat boitech ৰ এই প্ৰচেষ্টাই দেশৰ শিশু আৰু কিশোৰ সকলৰ জীৱন সংকামুক্ত আৰু কভিদমুক্ত কৰিব পাৰিব বুলি আশা কৰা হৈছে। 




Post a Comment

0 Comments