অৰুণাচলৰ দুই OIL বিষয়াক মুক্তিৰ বাবে ২০ কোটি টকা দাবী আলফা( স্বা ) ৰ

 



অৰুণাচলৰ দুই OIL বিষয়াক মুক্তিৰ বাবে ২০ কোটি টকা দাবী আলফা( স্বা ) ৰ 

অৱশেষত খবৰ ওলাল অৰুণাচলৰ পৰা অপহৃত দুই অইল বিষয়াৰ । অৰুণাচল প্ৰদেশৰ ডায়ুনৰ পৰা আলফা স্বাধীনে অপহৰণ কৰা দুই অইল বিষয়া‌ ৰাম কুমাৰ আৰু পি কে গগৈক মুক্তিৰ বাবে আলফা স্বাধীনে দাবী কৰিছে ২০ কোটি টকা । শিৱসাগৰৰ পি কে গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক অপহৰণ আৰু‌ মুক্তিৰ বাবে ২০ কোটি টকা দাবীৰে অইল ইণ্ডিয়া ডুলিয়াজানৰ অইল কতৃপক্ষলৈ বাৰ্তা প্ৰেৰণ কৰিছে আলফাই । জানিব পৰা মতে এয়া কোনো মুক্তিপণ নহয় । কুইপ কোম্পানীক আগতিয়াকৈ ২০ কোটি টকা দাবী কৰিছিল আলফাই কিন্তু ধন নিদি দৰদাম কৰি থকাৰ বাবেই এন এছ চি এনৰ সহায়ত  দুই অইল বিষয়াক অপহৰণ কৰা বুলি জনিবলৈ দিয়ে আলফা স্বাধীনে ।

Post a Comment

0 Comments