ন্যায় লাভৰ দিশে দেশ কপোৱা অভি-নীল হত্যাকাণ্ডই৷ ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাওঁৰ এদল উদণ্ড লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল দুই যুৱক অভিজিৎ নাথ আৰু নিলোৎপল দাসক।
সোপাধৰাৰ সন্দেহত হত্যা কৰা এই দুই যুৱকে ন্যায় পাব নে বুলি বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল। দেশ কপোৱা সেই হত্যাকাণ্ডৰ চাক্ষুষ সাক্ষীসকলে তেওঁলোকৰ ভাষ্য সলনি কৰিছিল যদিওঁ তিনিগৰাকী চাক্ষুষ সাক্ষীয়ে আদালতত দিয়া ভাষ্যই ভুক্তভোগী পৰিয়ালৰ মাজত আনিছে আশাৰ ৰেঙণি।
শুকুৰবাৰে নগাঁও আদালতত ৭১গৰাকী সাক্ষীৰ ভিতৰত ৪২গৰাকী সাক্ষীৰ সাক্ষাদান সমাপ্ত হোৱাৰ পিছত দুই পৰিয়ালে ন্যায় লাভ কৰিব বুলি আশাবাদী৷
0 Comments