গুৱাহাটী, মাৰ্ঘেৰিটা, ডিগবৈৰ ৩ কয়লা মাফিয়াৰ ঘৰত আয়কৰ বিভাগে কি কৰিছে? কিয় হাহাকাৰ লাগিছে তিনি কয়লা মাফিয়াৰ মাজত?

 গুৱাহাটী, মাৰ্ঘেৰিটা, ডিগবৈৰ ৩ কয়লা মাফিয়াৰ ঘৰত আয়কৰ বিভাগে কি কৰিছে?

কিয় হাহাকাৰ লাগিছে তিনি কয়লা মাফিয়াৰ মাজত? 








গুৱাহাটীৰ বিতৰ্কিত কয়লা ব্যৱসায়ী নবীন সিংঘল‌কে ধৰি ডিগবৈৰ সত্যনাৰায়ণ আগৰৱালা আৰু মাৰ্ঘেৰিটাৰ কয়লা-চাহ ব্যৱসায়ী পংকজ চৌধুৰীৰ বাসগৃহত আয়কৰ বিভাগে ক'লা হীৰাৰ বেহাত কোটি কোটি টকাৰ আয়কৰ বিভাগে কৰ ফাঁকিৰ বৃহৎ অভিযান চলায়। 


ৰাজ্যৰ বিতৰ্কিত কয়লা ব্যৱসায়ী নবীন সিংঘল‌ৰ গুৱাহাটী বেলতলাস্থিত আন ইকিউ‌ প্লাজাত থকা কয়লা ব্যৱসায়িক প্ৰতিষ্ঠান মহালক্ষ্মী গ্ৰুপত শুকুৰবাৰে দিনৰ ১০ বজাৰ পৰা অভিযান চলায় আয়কৰ বিভাগে। আনহাতে, গণেশগুৰিৰ মাণিক নগৰত থকা চিলভাৰ ৱাক নামৰ বাসগৃহত আয়কৰ বিভাগৰ আন এটা দলে একে সময়তে অভিযান চলায়। আয়কৰ ফাঁকিৰ গোচৰত চলোৱা অভিযানত বিতৰ্কিত কয়লা ব্যৱসায়ী নবীন সিংঘল‌ৰ প্ৰতিষ্ঠান আৰু বাসগৃহৰ পৰা জব্দ কৰে বহুতো ভুৱা‌ জি,এছ,টিৰ নথি-পত্ৰ। 


ইফালে, ডিগবৈৰ সত্যনাৰায়ণ আগৰৱালাৰ ডিগবৈৰ নৱনিৰ্মিত অট্টালিকাত আয়কৰ বিভাগৰ এটা বৃহৎ দলে কেইবাঘণ্টা ধৰি চলোৱা‌ অভিযানত বহু‌তো নথি-পত্ৰ জব্দ কৰাৰ লগতে নগদ ৩ কোটি, ৪০ লাখ টকা আৰু বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ কৰে। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ খাৰচাঙৰ কয়লাৰ ক'লা সাম্ৰাজ্যৰ অন্যতম নায়ক আছিল এই সত্যনাৰায়ণ আগৰৱালা। ডিগবৈ চহৰৰ মাজমজিয়া তথা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা বৃহৎ অট্টালিকাত পুৱা ৯ বজাৰ পৰা ২৫জনীয়া আয়কৰ বিভাগৰ দলে চলোৱা অভিযানত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। আগৰৱালাৰ অবৈধ কয়লা ব্যৱসায়ৰ জৰিয়তে অবাধ সম্পত্তি গঢ়াৰ উপৰিও বাসগৃহৰ ওচৰতে খোলা নাৰ্ছিং হোমখনতো ৰোগীৰ সৈতে হেতালি খেলাৰ অভিযোগ উত্থাপন হৈ আহিছে। জানিব পৰা মতে অৰুণাচলৰ পৰা তিনিচুকীয়া হৈ অসমৰ মাজেদি অধৈধ কয়লা সৰবৰাহ কৰাৰ অন্যতম কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ সৈতে আছে একাংশ মন্ত্ৰী-বিধায়কৰ সু-সম্পৰ্ক। আনহাতে, মাৰ্ঘেৰিটাৰ কয়লা-চাহ ব্যৱসায়ী পংকজ চৌধুৰীৰ নাম কয়লা কৰ ফাঁকিৰ অবৈধভাৱে সৰবৰাহত সাঙোৰ খাই পৰিছে। পংকজ চৌধুৰী নিবেদিতা চাহ ফেক্টৰীৰ স্বত্বাধিকাৰ আৰু কয়লা ব্যৱসায়ৰ লগত জড়িত বুলি জানিব পৰা গৈছে। মাৰ্ঘেৰিটা, লিডুৰ বহু চৰ্চিত কয়লাৰ বেহাৰ সৈতে জড়িত পংকজ চৌধুৰী। আয়কৰ বিভাগৰ দলে চৌধুৰীৰ বাসগৃহত কৰা অভিযানত গুৰুত্বপূৰ্ণ বহু নথি-পত্ৰ তন্ন‌ তন্নকৈ পৰীক্ষা কৰাৰ লগতে কম্পিউটাৰৰ তথ্য‌ও পৰীক্ষা কৰা বুলি জানিব পৰা গৈছে।

Post a Comment

0 Comments