বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত ল'লে প্ৰমোদ বড়োৱে
কোকৰাঝাৰ বডোফা নগৰস্থিত গ্ৰীন ফিল্ডত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত ল'লে প্ৰমোদ বড়োৱে ।
ৰাজ্যপালৰ হৈ মুখ্য সচিব জিষ্ণু বৰুৱাই পাঠ কৰাই শপত বাক্য ।
প্ৰমোদ বড়োৱে বড়ো ভাষাতে পাঠ কৰিলে শপত বাক্য । শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, NEDA ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস,দিলীপ শইকীয়া ,ভৱেশ কলিতা ,বিধায়ক অশোক সিংহল, বিমল বড়া, ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, সাংসদ নৱ কুমাৰ শৰণীয়া আৰু ভুবনেশ্বৰ কলিতাও।
আনহাতে ,শপত গ্ৰহণ অনুষ্ঠানত প্ৰমোদ বড়োৱে কয় যে - BTR চুক্তিৰ পিছত আমাৰ অঞ্চলত এটা অনুকূল পৰিৱেশৰ সৃষ্টি হৈছে । বডোফাত আমি Live and Let Live ৰ শ্লোগান মানি চলিম । আমাৰ চৰকাৰ হ'ব সমস্যা সমাধানৰ চৰকাৰ । BTR চুক্তি মানৱীয়তাৰ চুক্তি ।
0 Comments