বাদাম বাদাম কেচাঁ বাদাম....

 বাদাম বাদাম কেচাঁ বাদাম....

সাম্প্ৰতিক সময়ত কাচাঁ বাদাম গীতটোৱে খুবেই জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে। যদিও কাচাঁ বাদাম গীতটো কোনো নামী-দামী গীতিকাৰ কিমবা কোনো লেখকৰ ৰচিত গীত নহয়। গীতটো ভুবন বাদ্যকৰ নামৰ এগৰাকী বাদাম বিক্রেতাই জীৱিকা অৰ্জনাৰ্থে বাদাম বিক্রি কৰিবলৈ বনাইছিল। এই গানটো গাই তেওঁ ৰাস্তাই ৰাস্তাই বাদাম বিক্রি কৰি ফুৰে। যিহেতুকে এই গীতটো ব্যপক জনপ্রিয়তা অর্জন কৰিছে, সেই কাৰণে এই গানটোকলৈ এতিয়া দেশ-বিদেশত বহল চৰ্চা হবলৈ ধৰিছে।

প্ৰসংগত, দেশৰ বিভিন্ন প্ৰান্তত ফেৰীৱালা সকলৰ বয়বস্তু বিক্ৰীৰ দৃশ্য কাৰো অগোচৰ নহয়। পণ্য বিক্রীৰ ক্ষেত্রত ক্রেতাসকলৰ দৃষ্টি আকর্ষণ কৰিবলৈ বহুতে নানা পন্থা, ন ন কৌশল, ব্যতিক্ৰমধৰ্মী পথ অবলম্বন কৰে। কোনোবাই গীত গায়, কোনোবাই খেল দেখুৱায় আন কোনোবাই আকৌ মজাৰ মজাৰ কৌতূহলী কাণ্ড কৰাটো সৰ্বজনবিদিত।

সম্প্রতি পশ্চিম বংগৰ বীৰভূমিৰ ভুবন বাদ্যকৰ নামৰ এগৰাকী লোকে বাদাম বিক্রি কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সুৰে সুৰে গীত গাই তেওঁ গ্রাম অঞ্চলৰ পথে পথে কাঁচা বাদাম বিক্রী কৰি ফুৰে। তেখেতৰ গোৱা গীত এতিয়া সকলোৰে মুখে মুখে। কি ফেচবুক, কি ইউটিউব, কি স্টাৰ গ্ৰাম, কি টিকটক আদি খুলিলেই এতিয়া বাজি উঠে তেখেতৰ গান।

লক্ষ্মীনাৰায়ণপুৰ পঞ্চায়তৰ প্রত্যন্ত গ্রাম কুৰালজুৰিৰ বাসিন্দা ভুবন বাদ্যকৰ। আৰাম্ভনিতে তেওঁ বাদামৰ বস্তা ছাইকেলৰ পিছত বান্ধিলৈ বীৰভূমিৰ পৰা ঝাড়খণ্ডৰ বিভিন্ন গাঁৱত কাঁচা বাদাম বিক্রি কৰিছিল। এতিয়া তেওঁ মটৰ চাইকেলেৰে বাদাম বিক্রী কৰে আৰু সুমধুৰ কন্ঠৰে গাই থাকে, ‘বাদাম বাদাম দাদা কাঁচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম...’

সম্প্ৰতি ছচিয়েল নেটৱৰ্কিং ছাইটত ভাইৰালঃ ভুবন বাদ্যকৰ এই মনোমোহা গানৰ ভিডিঅ। তেওঁ প্ৰকাশ কৰা মতে, ‘মই প্রতিদিন বিভিন্ন গাঁও ঘুৰি গান গাই বাদাম বিক্রি কৰোঁ। সুদীৰ্ঘ ১০ বছৰ ধৰি এই বাদাম বিক্রীৰ কাম কৰি আছোঁ। মই বাদাম বিক্রী কৰাৰ সময়ত প্ৰতিদিন এইদৰে গীত গুন গুনাই থাকো। তেনে সময়ত কোনো এজন অচিনাকি যুৱকে মোৰ গান গোৱা দৃশটো ক্যামেৰাবন্দি কৰি সামাজিক যোগাযোগমাধ্যম যোগে ভাইৰাল কৰি দিয়ে।’

পত্নী সহ তিনি সন্তানকলৈ ভুবন বাদ্যকৰৰ সুখৰ সংসাৰ। দৈনিক ২০০-২৫০ টকাত বাদাম বিক্রী কৰে তেওঁ। বাদাম নাথাকিলেওঁ তেখেতৰ গীত শুনিবলৈ আগবাঢ়ি আহে বহু লোক। টকাৰ লগতে পুৰণি ছিটি গোল্ডৰ চেইন, হাতৰ খাৰু, বেয়া হৈ থকা মবাইল, মুৰৰ চুলি ইত্যাদিৰ বিনিময়েও বাদাম দি থাকে শ্ৰী ভুবন বাদ্যকৰে।

উল্লেখ্য যে, নিশাটোৰ ভিতৰতে এই খ্যাতি খুব সুন্দৰ উপভোগ কৰিলে এই গৰাকী কুকিলকণ্ঠী বাদামৱালাই। তেওঁ নিজে লিখা গীতটোত নিজেই সুৰ দিছে। শুনামতে বাউল গান গোৱাৰ অভিজ্ঞতাও আছে তেওঁৰ। সুযোগ পালে দেশবাসীক আৰু বহু গান শুনাবলৈ প্ৰস্তুত তেওঁ।

ধৰ্ম, জাত-পাতৰ পৰিভাষা বুজি নোপোৱা শ্ৰী ভুবন বাদ্যকৰে কয়ঃ ‘মই গোৱা গীতটো বিশ্বৰ অসংখ্যক লোকে শ্ৰৱণ কৰাত মোৰ বৰ ভাল লাগিছে। সুযোগ পালে বিশ্ববাসীক আৰু কিছু ভাল গান উপহাৰ দিম, যদিওঁ মই কোনোদিন গান শিকা নাই। আচলতে কাৰ ভাগ্য ক'ত লোকাই থাকে সেয়া কোনেওঁ ক'ব নোৱাৰে। সময়ে যেতিয়া সঙ্গ দিয়ে তেতিয়া মানুহৰ ভাগ্য উদিত হয়। তেনেকুৱাই ঘটিল ভুবন বাদ্যকৰৰ ক্ষেত্ৰত। এনেকুৱা প্ৰতিভাসম্পন্ন লোক দেশৰ গাঁৱে-ভূঞে অনেক আছে কেৱল বিচাৰি ওলালেই হ'ল আৰু এই কাম কৰিব লাগিব চৰকাৰ-প্ৰশাসনৰ লগতে সমাজ সচেতন মহলে।

Post a Comment

0 Comments